বিহাৰ আৰক্ষী বাহিনীত নিযুক্তি হ’ব ৫৬ গৰাকী হিজড়া ( Bihar News)


বিহাৰ আৰক্ষী বাহিনীত নিযুক্তি হ’ব ৫৬ গৰাকী হিজড়া

Report by LGBTQ News Assam Apr 29


পাটনাঃ বিহাৰ চৰকাৰে অতি সোনকালে ৰাজ্যৰ আৰক্ষী বাহিনীত ৫৬ জন হিজড়াকে ধৰি ২১,৩৯১ জন কনিষ্টবলক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি শুকুৰবাৰে এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰে।


ইয়াৰ উপৰিও আৰক্ষী বাহিনীত ১২৮৮ জন উপ-পৰিদৰ্শক আৰু ১৯৪ জন সহকাৰী উপ-পৰিদৰ্শক (এ এছ আই) নিযুক্তি দিয়াৰ পৰিকল্পনাও কৰিছে বুলি এডিজি (মুখ্য কাৰ্যালয়) জে এছ গংগৱাৰে সংবাদ মাধ্যমৰ আগত জনায়।

এইটো হ’ব বিহাৰ চৰকাৰে ৰাজ্যৰ আৰক্ষী বাহিনীত ব্যাপক নিযুক্তি। মুঠ ২১,৩৯১ জন কনিষ্টবলক নিযুক্তি দিয়া হ’ব, য’ত আছে ৭,৯০৩গৰাকী মহিলা আৰু ৫৬ গৰাকী হিজড়া। চলিত মাহৰ শেষৰ ফালে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।’-এডিজিয়ে জানিবলৈ দিয়ে।

Post a Comment

0 Comments