ভাত কেৰেলা : জানি লওক এটি বিশেষ ৰোগত হোৱা ব্যৱহাৰ

ভাত কেৰেলা : জানি লওক এটি বিশেষ ৰোগত হোৱা ব্যৱহাৰ


ভাত কেৰেলাঃ ভাত কেৰেলা হৈছে এবিধ একবৰ্ষী, আৰোহী লতা। 

ইয়াৰ বৈজ্ঞানিক নাম— Momordica cochinchinesis (Lour) Spreng Curbitacese.

আকাৰঃ ভাতকেৰেলা গছৰ পাতবোৰ প্ৰায় ১০ৰ পৰা ১২ ছেঃমিঃ পৰ্যন্ত দীঘল আৰু সমানে বহল। ডিম্বকাৰ। কেৰেলাবোৰ সাধাৰণতে ৫ খলপীয়া আৰু নিমজ বা কিছু নোমাল। পুষ্পবোৰ ভিন্নবাসী হয়। প্ৰায় ৪-৫টা মান পাহি থকা ফুলেবাৰ ৫ ছেঃ মিঃ দীঘল হয়। ফুলবোৰৰ ৰং বগা বা সামান্য হালধীয়া আৰু তিনটা মান কলা ফোট থাকে। 
ভাতকেৰেলাৰ ফলবোৰ ১০-১২ ছেঃ মিঃ মান ডাঙৰ হয়। ইয়াৰ গোটেই গাটো অসংখ্য কোমল কাঁইট হয়। কেঁচা অৱস্থাত দেখিবলৈ সেউজীয়া আৰু পকিলে ৰঙা আৰু ৰসাল হয়। ভিতৰভাগ অসংখ্য বীজৰে ভৰা।

আবাসঃ অসমৰ বিভিন্ন ঠাইত ভাত কেৰেলাৰ পোৱা যায়। খৰালীমাহত গছবোৰ মৰি যায়। মাটিৰ তলত কেবল মাত্ৰ আলুটোহে জীৱিত অৱস্থাত থাকে। চত বা ফাগুন মাহত ই পুনৰ গজালি মেলি গছ হয়। লতাজাতীয় গছবোৰ আন গছত বা মটিৰ পৰা সামান্য চাং তৈয়াৰ কৰি বগাবলৈ সুবিধা কৰি দিয়া হয়। গছ বগাই মে-জুলাই মাহত খাবৰ বাবে উপযোগী হয়।


ব্যৱহাৰঃ ভাতকেৰেলা এবিধ নিৰোগী পাচলি। সকলো বেমাৰ-আজাৰতে সকলো ৰোগীয়ে খাব পৰা এইবিধ উকৃষ্ট পাঁচলী। ইয়াৰ কুমলীয়া পাত আৰু আগবোৰ শাক হিচাপে খাব পাৰি। ভাতকেৰেলা ভাজি বা পিটিকা বনাই খাব পৰি। তদুপৰি সিজুৱাই তাৰ ভিতৰভাগৰ গুটিবোৰ উলিয়াই বেচনৰ লেপ দি বৰা বনাই ইয়াৰ সোৱাদ লব পাৰি।
ঔষধি গুণঃ ভাতকেৰেলাৰ মূলৰ ৰস অৰ্শ্বৰোগৰ বাবে ব্যৱহাৰ কৰা হয়। সাপে কামুৰিলেও ইয়াৰ মতা শিপাৰ ৰস ব্যৱহাৰ কৰা হয়।



Post a Comment

1 Comments