Language Selection

বিগ বছ মালয়ালম ৫ : সহপাঠীয়ে কাপোৰ খুলি দিয়াৰ পৰা আৰম্ভ কৰি আৰক্ষীয়ে লাঠিৰে প্ৰহাৰ কৰালৈকে; হিজড়া নাদিৰা মেহৰিনে শ্বেয়াৰ কৰিছে তেওঁৰ হৃদয় বিদাৰক জীৱন কাহিনী


বিগ বছ মালয়ালম ৫ : সহপাঠীয়ে কাপোৰ খুলি দিয়াৰ পৰা আৰম্ভ কৰি আৰক্ষীয়ে লাঠিৰে প্ৰহাৰ কৰালৈকে; হিজড়া নাদিৰা মেহৰিনে শ্বেয়াৰ কৰিছে তেওঁৰ হৃদয় বিদাৰক জীৱন কাহিনী


By LGBTQ News Assam Apr 26


বিগ বছ মালয়ালম ৫ প্ৰতিযোগী নাদিৰা মেহৰিনে নিজৰ জীৱনৰ বিষয়ে মুকলিকৈ কয়।


হিজৰা নাদিৰা মেহৰিনৰ সংগ্ৰামৰে ভৰা জীৱনটো বহুতে চিনি পায়। কিন্তু প্ৰথমবাৰৰ বাবে বিগ বছ মালয়ালম ৫ ত প্ৰকাশ কৰি দৰ্শকক আৱেগিক কৰি তুলিছিল। ১৩ বছৰ বয়সত সমনীয়াৰ দ্বাৰা যৌন আক্ৰমণৰ সন্মুখীন হোৱাৰ পৰা আৰম্ভ কৰি অচিনাকি মানুহে তেওঁক ‘ৰেণ্ডী’ বুলি দাম সোধালৈকে এই সকলোবোৰ শ্ব’টোত শ্বেয়াৰ কৰিছিল।

অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ সহপাঠী আঠজনেই মোক আক্ৰমণ কৰিছিল। মোৰ যৌন অংগটো চাবলৈ মোৰ কাপোৰ খুলিবলৈ চেষ্টা কৰিছিল। অভিযোগ কৰিবলৈ মই ষ্টাফ ৰুমলৈ লৰালৰিকৈ গ’লোঁ৷ কিন্তু, মোক সান্ত্বনা দিয়াৰ পৰিৱৰ্তে তেওঁলোকে মোক পুৰুষৰ দৰে আচৰণ কৰিবলৈ কৈছিল।'
এদিন ৰাতি এখন গাড়ী মোৰ ওচৰলৈ আহিল আৰু এজন অচিনাকি মানুহে মোক সুধিলে, ‘তুমি নাদিৰা নেকি?’। মই হয় বুলি কোৱাত তেওঁ মোক গাড়ীলৈ মাতিলে। তেওঁ নিজকে চিনেমা পৰিচালক বা প্ৰযোজক হিচাপে পৰিচয় দিছিল। ইয়াৰ উপৰিও কথা সলনি হ’ল আৰু তেওঁ মোক মোৰ ‘দাম’ সুধিলে। মই হিংসাত্মক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলোঁ আৰু তেওঁ ক্ষমা বিচাৰিলে। মই জেদী আছিলোঁ যে আৰক্ষীয়ে সেই ঠাইত আহি উপস্থিত হোৱা লৈকে গাড়ী এৰি নিদিলো।

মোক থানালৈ লৈ গ’ল, কিন্তু তাতে কাহিনী সলনি কৰিলে। তেওঁলোকে ক’লে যে মইহে লৰালৰিকৈ তেওঁলোকৰ গাড়ীত উঠি টকা বিচাৰিলোঁ, আৰক্ষী বিষয়াজনে মোক লাথিৰে খুন্দা মাৰি মোক লক-আপলৈ ঠেলি দিলে।’- তাই বৰ্ণনা কৰে।

ইয়াৰ উপৰিও তাই দুটা স্নাতকোত্তৰ ডিগ্ৰী লোৱা প্ৰথমগৰাকী হিজড়া হোৱাৰ কথা কয় আৰু দুখনমান চিনেমাৰ অংশও হোৱাৰ কথা কয়। নাদিৰাই লগতে কয় যে তেওঁৰ দৰে মানুহক অনুপ্ৰাণিত কৰিবলৈ তেওঁ বিগ বছত ভৰি দিছে, যিসকল এতিয়াও নিজৰ ঘৰতে আবদ্ধ হৈ আছে।




Post a Comment

1 Comments