কষ্টকৰ এগৰাকী "হিজৰা" ৰ জীৱন যাত্ৰাঃ উপলব্ধি কৰিব আপুনি, যেতিয়া উপভোগ কৰিব এই চুটি ছবিখন-
শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত "হিজৰা" ৰ টিজাৰটিৱে খলকনিৰ সৃষ্টি কৰিছে।
আমি প্ৰত্যেকেই অনুভৱ কৰিবই নোৱাৰোঁ এগৰাকী "হিজৰা" ৰ জীৱন সংগ্ৰামৰ বিষয়ে। তেওঁ নিজকে কিমান অসহায় আৰু দুৰ্বল অনুভৱ কৰে সেয়া হয়টো আমাৰ কল্পনাৰো অতীত। আজিও কিছু সংখ্যক ব্যক্তিয়ে কিন্নৰ অৰ্থাৎ হিজৰা দেখিলে অমঙ্গল বুলি অনুভৱ কৰে, অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ প্ৰতিগৰাকী ব্যক্তিয়ে ফালৰি কাটি আহে তেওঁলোকৰ পৰা। যেন মানৱ সমাজৰ অংশ নহয় তেওঁলোক। নৱপ্ৰজন্মৰ প্ৰতিভাৱান পৰিচালক চিন্ময় বাৰ্মাৰ পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখন আগন্তুক ২০২৪ বৰ্ষত মুক্তি লাভ কৰিব। আহিবলগীয়া চুটি ছবিখনৰ টিজাৰটোত বিভিন্ন দৃশ্যাংশক দেখিলে আপোনাৰ হৃদয় কঁপি উঠিব। দৃঢ়ভাৱে প্ৰস্তুত কৰি উলিওৱা হৈছে টিজাৰটো।
আপোনালোকে বাৰু জানেনে? কিন্নড় অথবা "হিজৰা" এগৰাকীৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁক তেওঁৰ লগৰীয়া সকলে জোতা অথবা চেণ্ডেলেৰে মৰা এক প্ৰথা আছে। বিশ্বাস অনুসৰি, তেনে কৰিলে হিজৰা গৰাকীৰ আত্মাই শান্তি পায় আৰু অহা জনমত তেওঁ "হিজৰা" হৈ জন্ম নলয়। এনেধৰণৰ কিছু অন্ধবিশ্বাস আৰু ব্যক্তিবিশেষে তেওঁলোকক ওপৰত কৰা অত্যাচাৰ সমূহক লৈ উক্ত চুটি ছবিখন প্ৰস্তুত কৰি উলিওৱা হৈছে। মন কৰিবলগীয়া যে, বেদব্ৰত বৰা আৰু উদয়ন দুৱৰাৰ এই চুটি ছবিখনত অভিনয় সঁচাকৈ ব্যতিক্ৰম। টিজাৰটো উপভোগ কৰিলেই আপোনাৰ বাবে এই কথা স্পষ্ট হৈ পৰিব। "হিজৰা" ৰ কাহিনী চিন্ময় বাৰ্মাৰ লগতে ইয়াত সহঃ পৰিচালনা ত্ৰিণাৰাণী পাটৰৰ। চিনেমেটোগ্ৰাফী ইক্ৰিম হক আৰু মনোজ বনিয়াৰ। কলা নিৰ্দেশনা আৰু সম্পাদনা নিলোৎপল কলিতাৰ লগতে ইয়াত সংযোজিত ৰেপটো গাইছে মিনিমিয়ে। চুটি ছবিখনৰ বিয়ষবস্তু পৰিচালক চিন্ময়ৰ লগতে নাজনিন উল্লাহৰ।
ইয়াত অভিনয় কৰিছে ক্ৰমে মৃণাল ৰিকু শৰ্মা, শুভ্ৰনীল বৰা, শৰৎ বৰা, জানকী শৰ্মা, পৰাগ জ্যোতি বৰ্মন, কৌশিক পৰাশৰ, তুষাৰ জ্যোতি বৰ্মন আৰু কৌশিক মেধি।
1 Comments
Very nice
ReplyDelete