কঁঠালৰ আচাৰ প্রস্তুত প্রণালী (Pineapple pickle assamese recipe)
উপকৰণঃ কঁঠাল (১ কেজি ওজনৰ )— ১ টা । ভিনেগাৰ – ২ কাপ। নিমখ – আন্দাজমতে। চেনি – ৫ চামুচ (চাহ চামুচৰ)। হালধি – ৩ চামুচ। সৰিয়হ – ৫ চামুচ। আদা (ডাঙৰ)– ১ ডোখৰ । নহৰু (ডাঙৰ)– ১ টা । কেঁচা জলকীয়া– ৪/৫ টা । গোটা জিৰা– ৫ চামুচ । তেঁতেলি– ৩ চিৰা । মিঠা তেল– ২ কাপ ।
উপকৰণঃ
কঁঠাল (১ কেজি ওজনৰ )— ১ টা ।
ভিনেগাৰ – ২ কাপ।
নিমখ – আন্দাজমতে।
চেনি – ৫ চামুচ (চাহ চামুচৰ)।
হালধি – ৩ চামুচ।
সৰিয়হ – ৫ চামুচ।
আদা (ডাঙৰ)– ১ ডোখৰ ।
নহৰু (ডাঙৰ)– ১ টা ।
কেঁচা জলকীয়া– ৪/৫ টা ।
গোটা জিৰা– ৫ চামুচ ।
তেঁতেলি– ৩ চিৰা ।
মিঠা তেল– ২ কাপ ।
প্ৰস্তুত প্ৰণালী-
কঁঠালখিনি মজলীয়া জোখত কাটি একাপ ভিনেগাৰত সিজাই ল’ব। এটা হুইচেল দিলেই কুকাৰটো নমাই থ’ব। এতিয়া সিজোৱা কঁঠালখিনিত নিমখ, হালধি সানি ৰ’দত ১ ঘণ্টামান শুকুৱাই ল’ব। সৰিয়হ, জিৰা, আদা, নহৰু আৰু কেঁচা জলকীয়া ভিনেগাৰত দি মিক্সিত পিহি ল’ব। কেৰাহিত মিঠাতেল গৰম কৰি ল’ব। তাত পাঁচফোৰণ আৰু হিং দিব। লগতে মিক্সিত পিহি লোৱা মছলাখিনি দি দিব। এতিয়া হালধি, চেনি আৰু জলকীয়া গুড়ি দিব। তেঁতেলিৰ ৰসখিনিও দি দিব। লগতে নিমখখিনি দি ভালকৈ কঁঠালখিনি লৰাব। বটলত ভৰাই থ’লে কিছুদিনলৈ খাব পাৰিব।
লেখিকা: বনশ্ৰী ভট্টাচাৰ্য
2 Comments
Ki kothal? Mati kothal ne jati kothal
ReplyDeleteদুয়োবিধ কঁঠালেই ব্যৱহাৰ কৰিব পাৰি।
ReplyDelete