গৰমৰ বতৰত কুঁহিয়াৰৰ ৰসৰ উপকাৰিতা ( sugarcane juice)


গৰমৰ বতৰত কুঁহিয়াৰৰ ৰসৰ উপকাৰিতা


চমু পৰিচয়

কুঁহিয়াৰ যদিও ফল নহয় ইয়াক ফলৰ ভিতৰতে ধৰা হয়। কুঁহিয়াৰৰ গা-গছডালক চেপি ৰস উলিওৱা হয় আৰু বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। কুঁহিয়াৰৰ এই ৰসো আন ফলৰ ৰসৰ দৰেই উপকাৰী। মিঠা সোৱাদযুক্ত কুঁহিয়াৰৰ ৰসে শৰীৰৰ উষ্ণতা সন্তুলিত কৰি ৰাখে। কুঁহিয়াৰৰ পৰা উৎপাদন কৰা গুৰ দেহৰ বাবে বৰ উপকাৰী। কেচাঁতকৈ পূৰঠ হোৱা কুঁহিয়াৰৰ ৰস বেছি উপকাৰী।


ৰʼচবাৰি (Rashbari)
শ্যামা (Shyama)
স্বেতা (Sweta)

কুঁহিয়াৰৰ ৰসৰ পুষ্টিগত গুণাগুণ (Nutritional Value of Sugarcane)

প্ৰতি ১০০মি.লি. কুঁহিয়াৰ ৰসত পোৱা পুষ্টিৰ মূল্য তলত উল্লেখ কৰা হʼল –

Calories : 242
Protein : 0.16g
Total fat : 0.40g
Total Fiber : 0.56g
Sugar : 12.85g
Potassium : 150mg
Sodium : 1.16mg
Magnesium : 13.03mg
Phosphorus : 22.08mg
Iron : 1.12mg
Calcium : 18mg
Thiamin : 0.03mg
Riboflavin : 0.04mg

কুঁহিয়াৰৰ জীৱ বৈজ্ঞানিক শ্ৰেণীবিভাজন (Scientific classification of Sugarcane)

ৰাজ্য (Kingdom) : Plantae
শ্ৰেণী (Clade) : Tracheophytes
শ্ৰেণী (Clade) : Angiosperms
শ্ৰেণী (Clade) : Monocots
শ্ৰেণী (Clade) : Commelinids
বৰ্গ (Order) : Poales
পৰিয়াল (Family) : Poaceae
উপ-পৰিয়াল (Sub-family) : Panicoidieae
জাতি (Genus) : Saccharum
প্ৰজাতি (Species) : S. officinarum
বৈজ্ঞানিক নাম(Scientific name): Saccharum officinarum

কুঁহিয়াৰৰ ৰসৰ উপকাৰিতা (Benefits of Sugarcane Juice)

১) গৰমৰ দিনত প্ৰতিদিনে ২৫০ গ্ৰাম কুঁহিয়াৰ ৰস পান কৰিলে প্ৰখৰ ৰ’দৰ তাপ আৰু লু-বতাহৰ গৰমৰ পৰা ৰক্ষা পাব পাৰি । প্ৰখৰ ৰ’দত ঘূৰিব লগা হলে বেছিকৈ যেতিয়া পিয়াহ লাগে তেতিয়া কুঁহিয়াৰ ৰস পান কৰিলে শৰীৰক তৎক্ষনাতে শক্তিৰ যোগান ধৰে আৰু পিয়াহ আঁতৰাই ।

২) কুঁহিয়াৰ ৰসৰ লগত গোল নেমুৰ ৰস আৰু নিমখ মিলাই সেৱন কৰিলে হজমী প্ৰক্ৰিয়া সবল কৰি তুলে। কুঁহিয়াৰত থকা পটেচিয়ামে পাকস্থলীৰ PH স্তৰ সন্তুলিত কৰি ৰাখে, হজমীৰ ৰস নিষ্কাশনত সহায় কৰে আৰু হজমী প্ৰক্ৰিয়াক সুষ্ঠ কৰি ৰাখে। লগতে ই পাকস্থলীত সংক্ৰমণো প্ৰতিহত কৰে।  


৩) জণ্ডিচ ৰোগত কুঁহিয়াৰ ৰস বৰ উপকাৰী; কিয়নো ই এলকালাইন প্ৰকৃতিৰ আৰু দেহত ইলেক্ট্ৰলাইটৰ সন্তুলন বজাই ৰখাত সহায় কৰে। এই ৰোগত কুঁহিয়াৰ চোৱাই খাব পাৰিলে অধিক ভাল। এনেকৈ খালে প্ৰস্ৰাৱ চফা হয় আৰু শেঁতা পৰা হ্ৰাস পায়। 

৪)কুঁহিয়াৰত থকা কেলচিয়াম, পটেচিয়াম, মেগনেচিয়াম, লো আৰু মেংগানিজে এই ফলৰ ৰসক এলকালাইন প্ৰকৃতিৰ কৰি তুলে, লগতে ইয়াত থকা flavonoid-য়ে এই ৰসক কেন্সাৰ কোষৰ ৰোধক কৰি তুলে বিশেষকৈ প্ৰষ্টেট আৰু স্তন কেন্সাৰৰ ক্ষেত্ৰত।

৫) কুঁহিয়াৰ ৰস দিনে ২৫০ গ্ৰাম পান কৰিলে শুক্ৰ বৃদ্ধি হয় । 

৬) গ্ৰীষ্ম ঋতুত নাকৰ পৰা তেজ ওলালে দিনে দুবাৰ পুৱা , সন্ধ্যা কুঁহিয়াৰ ৰস পান কৰিলে সোনকালে আৰোগ্য হৈ যায় ।

৭) কুঁহিয়াৰ ৰস সদায় একোবাৰ খাব পাৰিলে প্ৰসূতিৰ স্তনত গাখীৰ বৃদ্ধি হয় । 

৮) হিকটি আহিলে লৰালৰিকৈ কুঁহিয়াৰ ৰস খাই দিলে হিকতি বন্ধ হৈ যায় । 

৯) এনিমিয়া ৰোগীক কুঁহিয়াৰ ৰসৰ লগত আমলখি আৰু ডালিমৰ ৰস মৌ মিলাই খুৱালে তেজৰ পৰিমাণ বৃদ্ধি হয় আৰু ভোক বাঢ়ে ।

১০) কুঁহিয়াৰৰ ৰসত প্ৰাকৃতিক চেনী থাকে যাৰ glycemic index কম আৰু ই তেজত গ্লুকʼজৰ পৰিমাণ কমাই থোৱাত সহায় কৰে। সেয়ে দেখা যায় যে এক সীমীত পৰিমাণত কুঁহিয়াৰৰ ৰসৰ সেৱন কৰিলে ই মধুমেহ ৰোগীৰ ক্ষেত্ৰত উপকাৰিতা দেখাব পাৰে।  

১১) কোষ্টবদ্ধতাত ভোগা ৰোগীয়ে ২৫০ গ্ৰাম কুঁহিয়াৰ ৰসৰ লগত আদা আৰু গোল নেমুৰ ৰস মিলাই দিনে এবাৰকৈ পান কৰিলে কোষ্টকাঠিন্য দূৰ হয় । 

১২) কুঁহিয়াৰ ৰস ২৫০ গ্ৰামৰ লগত ১০০ গ্ৰাম ডালিমৰ ৰস মিলাই পান কৰিলে তেজৰ অতিসাৰ ৰোগ কমি যায়।


১৩) কুঁহিয়াৰ ৰস প্ৰতিদিনা দুবাৰকৈ  এগিলাচ সেৱন কৰিলে পিত্তবিকাৰ নোহোৱা হয় আৰু বমি ভাব আঁতৰ হয়।

১৪) কুঁহিয়াৰ ৰস প্ৰতিদিনা দুবাৰকৈ পান কৰিলে কিডনিৰ পাথৰ গলি আৰু প্ৰস্ৰাৱৰ সৈতে ওলাই যাব পাৰে। 

১৫) নেমু ৰস আৰু নাৰিকল পানীৰ সৈতে কুঁহিয়াৰৰ ৰস সেৱন কৰিলে বৃক্কত পাথৰ, Prostatitis, STD (Sexually Transmitted Disease) আৰু UTI (Urinary Tract Infection)ৰ ফলত হোৱা জ্বলা-পোৰাৰ অনুভুতি বহু পৰিমাণে হ্ৰাস হʼব পাৰে।   

১৬) সৰু লʼৰা-ছোৱালীয়ে কেঁচা কুহিয়াৰ চুবাই খলে হাড় আৰু দাঁতৰ সুস্থ গঠন আৰু বৃদ্ধিত কুঁহিয়াৰৰ ৰসৰ উপকাৰিতা পৰিলক্ষিত হয়। খনিজ পদাৰ্থৰে সমৃদ্ধ এই কুঁহিয়াৰৰ ৰসে দাঁতত পোকে ধৰাৰ সমস্যাৰ পৰাও পৰিত্ৰাণ দিয়াব পাৰে। 

১৭) কুঁহিয়াৰৰ ৰসত Alpha-hydroxy-acid থাকে যিয়ে ছালৰ কোষবোৰক পুনৰোজ্জীৱিত কৰাত সহায় কৰে। ফলত ব্ৰণৰ সমস্যা দূৰ হয়। কুঁহিয়াৰৰ ৰসত antioxidant, phenolic acid আৰু flavonoids থাকে যিবোৰে ছালক কোমত, মসৃন, উজ্বল আৰু সতেজ কৰি ৰাখে। 


১৮) কুঁহিয়াৰৰ ৰসত চুক্ৰজৰ উপস্থিতিয়ে ইয়াক ঘা চিকিৎসা কৰাত সহায়ক কৰি তুলে।

কুঁহিয়াৰৰ ৰসৰ ব্যৱহাৰ (Uses of Sugarcane)
কুঁহিয়াৰ উদ্ভিদৰ ব্যৱহাৰক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি –

১) খাদ্য বা ভোজ্য উদ্দেশ্যে আৰু ২) অন্যান্য ব্যৱহাৰিক কাৰণত।

খাদ্য বা ভোজ্য উদ্দেশ্যে
ৰস- প্ৰাথমিক ভাৱে কুঁহিয়াৰক ইয়াৰ ৰসৰ বাবে ব্যৱহাৰ কৰা হয়। গা-গছডালৰ পৰা মিঠা ৰস আহৰণ কৰা হয়। এই সতেজ ৰসক শৰীৰৰ বাবে বহু উপকাৰী বুলি গণ্য কৰা হয়।
চেনি/গুৰ- কুঁহিয়াৰৰ পৰা আহৰণ কৰা সতেজ ৰসৰ প্ৰক্ৰিয়াকৰণৰ দ্বাৰা চেনি আৰু গুৰ উৎপাদন কৰা হয়। এই চেনি আৰু গুৰ বিভিন্ন ধৰণৰ ব্যঞ্জন, মিঠাই আদি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। 
কুঁহিয়াৰক সুৰাসক্ত দ্ৰৱ্য প্ৰস্তুত কৰিবলৈও ব্যৱহাৰ কৰা হয়।
অন্যান্য ব্যৱহাৰিক কাৰণ
কুঁহিয়াৰৰ পৰা পোনপটীয়াকৈ Ethyl Alcohol (Ethanol) উৎপাদন কৰিব পৰা যায়। সেয়ে উপ-ক্ৰান্তীয় অঞ্চল (বিশেষকৈ ব্ৰাজিল)ত কুঁহিয়াৰক জৈৱ ইন্ধন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।
ৰস আহৰণ কৰিব পৰা গা-গছডালৰ বাহিৰে এই উদ্ভিদৰ পাত, বাকলি আদি বেতজাতীয় অংশ সমূহৰ পৰা কাগজ, ইটা, ধ্বনিক টাইল (Acoustic tile), বিল্ডিং বোৰ্ড, জৈৱ-পচনশীল প্লাষ্টিক আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰোপৰি ইয়াক দ্বিতীয় প্ৰজন্মৰ জৈৱ ইন্ধন (Cellulosis Ethanol)ৰ বাবেও ব্যৱহাৰ কৰা হয়।
কুঁহিয়াৰ উদ্ভিদৰ অখাদ্য অংশ সমূহ পোহনীয়া জীৱ-জন্তুৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। 
কুঁহিয়াৰৰ ৰসৰ অপকাৰী দিশ (Harmful side effects of Sugarcane)
কুঁহিয়াৰৰ ৰসৰ অপকাৰি দিশ বহু কম। যেনেকৈ সীমীত পৰিমাণত খালে ইয়াৰ উপকাৰিতা লভিব পাৰি, একেদৰে অত্যাধিক মাত্ৰাত সেৱন কৰিলে ইয়াৰ কিছুমান অপকাৰিক পাৰ্শ্বক্ৰিয়াও চকুত পৰে; সেইবোৰ তলত উল্লেখ কৰা হʼল –


কুঁহিয়াৰ ৰস আহাৰৰ আগতে পান কৰিলে পেটৰ গেছ এচিডিটি হয় । আহাৰৰ পিছত কুঁহিয়াৰ ৰস খালে বায়ুবিকৃতি আৰু আভোক হয় ।
কুঁহিয়াৰত Policosanol নামৰ এক উপাদান থাকে, দেহত ইয়াৰ অত্যাধিক পৰিমাণে টোপনিত ব্যাঘাত জন্মাব পাৰে, পাকস্থলীক অসুস্থ কৰিব পাৰে, আপোনাৰ অনবৰতে ভাগৰ আৰু টোপনি লগা যেন অনুভৱ  হʼব পাৰে, মূৰৰ বিষ আৰু অস্বাভাৱিকভাবে ওজন কমিব পাৰে।
বেছিকৈ কুঁহিয়াৰৰ ৰস সেৱন কৰিলে ই তেজ পাতল কৰিব পাৰে, লগতে দেহৰ কলেষ্টেৰল স্তৰতো প্ৰভাৱ পেলাব পাৰে।   
যদিও কুঁহিয়াৰৰ ৰসৰ স্বাস্থ্য জনিত উপকাৰিতা বহুতো দেখা যায়, তথাপি নিয়ম বহিৰ্ভূত ধৰণে এই ফল জাতীয় উদ্ভিদক সেৱন কৰিলে ই দেহত অবাঞ্ছিত অপকাৰীক লক্ষণ তথা প্ৰভাৱো দেখাব পাৰে। সেয়ে, ইয়াক নিয়মিত ৰূপত আৰু সীমীত পৰিমাণত গ্ৰহণ কৰক; ই নিশ্চিতভাৱে আপোনাক উপকৃত কৰিব।   
সামৰণি
উক্ত প্ৰৱন্ধটিৰ দ্বাৰা আপোনাক কুঁহিয়াৰৰ ৰসৰ বিষয়ে কিছু কথা জ্ঞাত কৰোৱা হʼল। প্ৰৱন্ধটিত কুঁহিয়াৰৰ ৰসৰ উপকাৰিতা , পৰিচয়মূলক বৰ্ণনা, ইয়াৰ ব্যৱহাৰ আৰু সতৰ্কতাৰ বিষয়ে জনোৱা হʼল। আশা কৰো প্ৰৱন্ধটিত সম্বলিত তথ্যসমূহে আপোনাক উপকৃত কৰিব। ধন্যবাদ!

লেখক : Doctor Aparna 

Post a Comment

2 Comments