ভাৰতৰ প্ৰথম ট্ৰেন্সমেন গৰ্ভৱতী: জিয়া আৰু জাহাদ দুয়ো যোৱা 3 বছৰ ধৰি একেলগে বাস কৰি আছে। জিয়া এজন পুৰুষ হিচাপে জন্ম গ্ৰহণ কৰিছিল আৰু এগৰাকী মহিলা হৈছিল।
By LGBTQ News Assam May 20, 2023
কেৰালাৰ ট্ৰেন্সজেণ্ডাৰ দম্পতী জিয়া আৰু জাহাদে সামাজিক মাধ্যমত তেওঁলোকৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল। দম্পতীহালে ইনষ্টাগ্ৰামত কিছুমান ফটো শ্বেয়াৰ কৰিছিল। কোজিকোড চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ এটা দলে কৈছিল যে দম্পতীহালক গৰ্ভধাৰণ কৰাত কোনো প্ৰত্যাহ্বান নাই। দুয়োৰে লিংগ পৰিৱৰ্তন হৈছে।
(কেৰালাৰ ট্ৰেন্সজেণ্ডাৰ দম্পতীয়ে গৰ্ভধাৰণৰ ভাল খবৰ টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল)
জিয়া আৰু জাহাদ যোৱা তিনি বছৰ ধৰি একেলগে বাস কৰি আছে। জিয়া এজন পুৰুষ হিচাপে জন্ম গ্ৰহণ কৰিছিল আৰু পিছত এগৰাকী মহিলা হৈছিল।
জাহাদ এগৰাকী মহিলা হিচাপে জন্ম গ্ৰহণ কৰিছিল আৰু পিছত পুৰুষলৈ পৰিণত হৈছিল। দম্পতীহালে দুগ্ধ বেংকৰ পৰা কেঁচুৱাটোক তেওঁলোকৰ মাতৃৰ গাখীৰ খুৱাবলৈ সিদ্ধান্ত লৈছিল।
এতিয়া দাবী কৰা হৈছে যে ভাৰতত সন্তান জন্ম দিয়া প্ৰথমজন ট্ৰেন্সমেন হ’ব জাহাদ। জাহাদে গৰ্ভধাৰণ কৰিছে যদিও নিজকে পুৰুষ বুলি ভাবে।
জিয়া এজন পুৰষ যদিও নিজকে নাৰী বুলি ভাবে।
অস্ত্ৰোপচাৰৰ সময়ত জেহাদৰ স্তন আঁতৰাই দিয়া হৈছিল পুৰুষ হ'বৰ কাৰণে । কিন্তু তাইৰ জৰায়ু আৰু আন কিছুমান অংগ আঁতৰোৱা হোৱা নাছিল। ইয়াৰ বাবে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হৈছে।
জিয়াই নিজৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, ‘মই শৰীৰৰ পৰাহে দেখাত পুৰুষ আছিলোঁ। কিন্তু মোৰ ভিতৰত এগৰাকী নাৰী আছিল। মোৰ আত্মাটো নাৰী। তেওঁ সপোন দেখিছিল যে মোৰো সন্তান হ’ব আৰু তেওঁ মোক ‘মা’ বুলি ক’ব। সেয়া সপোন পূৰণ কৰিলে মোৰ জীৱন সংগী জাহাদে। কাৰণ তাই জন্মৰ পৰা নাৰী আছিল। কিন্তু তাইও নিজকে পুৰুষ বুলি ভাবে। এতিয়া পুৰুষলৈ ৰূপান্তৰ হৈছে।'
মনোৰামাত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, দম্পতীহালে পূৰ্বে এটা সন্তান দত্তক লোৱাৰ পৰিকল্পনা কৰিছিল। লগতে সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে তথ্যও লৈছিল। কিন্তু আইনী ব্যৱস্থাটো তেওঁলোকৰ বাবে অতি প্ৰত্যাহ্বানজনক আছিল, কিয়নো তেওঁলোক আছিল সমকামী দম্পতী। বৰ্তমান তেওঁৰ ফটো শ্বুট ভাইৰেল হৈ আছে।
(চিত্ৰ ক্ৰেডিট- ছ’চিয়েল মিডিয়া, ইনষ্টাগ্ৰাম, জিয়া পাভাল)
0 Comments