Language Selection

সেনাবাহিনীত সমকামী যৌন সম্পৰ্ক, ব্যভিচাৰৰ অনুমতি নাই, সেনা প্ৰধানে কয়

সেনাবাহিনীত সমকামী যৌন সম্পৰ্ক, ব্যভিচাৰৰ অনুমতি নাই, সেনা প্ৰধানে কয়

By LGBTQ News Assam May 23

নতুন দিল্লীঃ সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটে কয় যে উচ্চতম ন্যায়ালয়ে সমকামিতাক অপৰাধ নহয় বুলি ৰায় দিলেও ভাৰতীয় সেনাবাহিনীত ইয়াক কাৰ্যকৰী কৰা হোৱা নাই। এখধ সংবাদমেলত তেওঁ কয় যে সমকামী সম্পৰ্কৰ দৰে কথাবোৰ সেনাবাহিনীত নিষিদ্ধ আৰু গ্ৰহণযোগ্য নহয়। আমি সেনাবাহিনীত এনেকুৱা হ’বলৈ নিদিওঁ বুলিও কয় সেনা প্ৰধানগৰাকীয়ে।


অৱশ্যে একে সময়তে তেওঁ কয় যে সেনাবাহিনী আইনৰ ওপৰত নহয়।
 যোৱা ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে ১৫৮ বছৰীয়া ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ নং ধাৰাত সন্মতিসূচক যৌন সম্পৰ্কক অপৰাধমূলক বুলি গণ্য কৰা ধাৰাটোক বাতিল কৰিছিল। 
 
বিচাৰপীঠে কয় যে এই ধাৰাটো সমতাৰ অধিকাৰৰ বিৰোধী।
তদুপৰি ব্যভিচাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত সেনা প্ৰধানগৰাকীয়ে কয় যে আমি ইয়াক সেনাবাহিনীত অনুপ্ৰৱেশ কৰিবলৈ দিব নোৱাৰো। যোৱা বছৰ উচ্চতম ন্যায়ালয়ে ঔপনিৱেশিক যুগৰ ব্যভিচাৰ বিৰোধী আইনখন অসাংবিধানিক বুলি খাৰিজ কৰিছিল। উচ্চতম ন্যায়ালয়ে কয় যে এই আইনখনে মহিলাসকলৰ ব্যক্তিত্বক ‘স্বামীৰ সম্পত্তি’ হিচাপে গণ্য কৰে। কিন্তু সেনা প্ৰধানগৰাকীয়ে কয় যে সেনাবাহিনী এটা পৰিয়াল, এটা ৰক্ষণশীল সংগঠন। আমি ইয়াক সেনাবাহিনীত সোমাবলৈ দিব নোৱাৰো। তেওঁ কয় যে সীমান্ত পহৰা দিয়াত ব্যস্ত জোৱান আৰু বিষয়াসকলে নিজৰ পৰিয়ালক লৈ চিন্তিত হ’ব, এনে হ’বলৈ দিয়া নহ’ব।

Post a Comment

0 Comments