Language Selection

যৌনতা আৰু সমকামিতা প্ৰকৃততে কি?

হয়! ভাল বস্তু পাবলৈ কঠিন ! কিন্তু বিফল নহয়।
বেয়া বস্তু পাবলৈ (যৌন কৰ্মী) সহজ, কিন্তু ই আপোনাৰ জীৱন গঢ়ি নিদিয়ে। ক্ষন্তেকৰ সুখৰ বাবে চৰিত্ৰ হীন হোৱাৰ পৰা আঁতৰি থাকক।
এজন জীৱন সংগীৰ প্ৰেমক গুৰুত্ব দিয়ক।


🏳️‍🌈🏳️‍🌈🏳️‍🌈🏳️‍🌈🏳️‍🌈🏳️‍🌈🏳️‍🌈🏳️‍🌈🏳️‍🌈🏳️‍🌈🏳️‍🌈🏳️‍🌈🏳️‍🌈🏳️‍🌈

মই এজন সমকামী হিচাপে ক'ব খোজো-সমকামী মানেই এইটো নহ'য় যে আপুনি সকলৰে লগত যৌন সম্পৰ্ক স্থাপন কৰি ফুৰিব ; আনে যিহেতু দেখা নাপায় !
এনে চিন্তাধাৰা তেওঁৰহে যি এজন/এজনী চৰিত্ৰ হীন!

সমকামিতা মানে এইটো নহ'য় যে সমলিংগ  যৌনতাক অধিক গুৰুত্ব প্ৰদান কৰা;
সমকামিতাৰ অৰ্থ হ'ল একে লিংগৰ প্ৰতি আকৰ্ষিত হোৱা। 
এই আকৰ্ষণ প্ৰেমৰ দ্বাৰা হোৱাতোহে সমকামিতাৰ আচল অৰ্থ, কাৰণ ইয়াত লিংগৰ গুৰুত্ব একেবাৰে নাথাকে। মাথো থাকে প্ৰেম-ভালপোৱা। যাৰ ফলত লিংগ কি পাহৰি যোৱাৰ দৰে হয়।

যৌনতাত লিপ্ত হ'বলৈ কোনো সমকামী হোৱাৰ প্ৰয়োজন নাই। এজন সমকামী নোহোৱা মানুহেও তাৰ যৌন ক্ষুধা নিবাৰণ কৰিবলৈ বন্ধুৰ লগত বা বৃদ্ধ মানুহৰ লগত বা শিশুৰ লগত বা জন্তুৰ লগত চেক্স কৰিব পাৰে।  ইয়াক সমকামী বুলি কব নোৱাৰি। ইয়াক কোৱা হয় যৌন বিকৃতি ( মানসিক বিকৃতি) বা চৰিত্ৰ হীন।

সমকামী সেইজন হে যি লিংগক ( Top or Bottom) গুৰুত্ব নিদিয়াকৈ একে লিংগক কেৱল প্ৰেম কৰে। 
যৌনতা মাথো ক্ষন্তেকীয়া আনন্দ হে । কিন্তু প্ৰেম হৈছে  জীয়াই থকাৰ শক্তি। 
যৌনতা হৈছে নিজকে ধ্বংসৰ দিশলৈ লৈ যোৱা প্ৰক্ৰিয়া। সেয়েহে যৌন কাৰ্য্যক অধিক গুৰুত্ব দিয়া সকল সোনকালে বৃদ্ধ আৰু ৰোগী হয়।

আজিৰ সময়ত প্ৰকৃত পৱিত্ৰ প্ৰেম পাবলৈ নাই কাৰণ যৌনতাৰ অন্ধকাৰে আৱৰি ধৰিছে আজিৰ নৱ প্ৰজন্মক। যেন গাখীৰৰ মূল্য এৰি গাহৰি মাংসৰ সোৱাদ ল'বলৈ উৎসাহিত হৈছে। 

হিন্দু ধৰ্মাৱলম্বীৰ বাবে যৌনতাৰ এটাএ মাথো ভাল দিশ আছে সেইটো হৈছে - বংসগতি ৰক্ষা কৰা। সেয়াও বৈধতাৰে।

আহক আমি সকলোৱে পৱিত্ৰ প্ৰেমক গুৰুত্ব দিবলৈ শিকোঁ।  এজন জীৱন সংগী বাচনি কৰি জীৱন সুন্দৰকৈ গঢ়াৰ চেষ্টা কৰোঁ। কাৰণ যৌনতা মাথো ক্ষন্তেকীয়াহে। ই যৌৱন কালতহে আপোনাক সুখ দিব। কিন্তু বৃদ্ধ হলে যৌনতা ম্লান পৰি যায়। যৌন সম্পৰ্ক স্থাপন কৰা কেইজনে আপোনাৰ খবৰ লবলৈ নাহিব। 
আহিব মাথো আপোন জনে। থাকিব মৃত্যুৰ সময়লৈকে আপোন জনহে.... যি পৱিত্ৰ প্ৰেমেৰে গঢ়া এটা মধুৰ সম্পৰ্ক। আপুনি বাৰু অনুভৱ নকৰেনে?

হয়! ভাল বস্তু পাবলৈ কঠিন ! কিন্তু বিফল নহয়।
বেয়া বস্তু পাবলৈ (যৌন কৰ্মী) সহজ, কিন্তু ই আপোনাৰ জীৱন গঢ়ি নিদিয়ে। ক্ষন্তেকৰ সুখৰ বাবে চৰিত্ৰ হীন হোৱাৰ পৰা আঁতৰি থাকক।
এজন জীৱন সংগীৰ প্ৰেমক গুৰুত্ব দিয়ক। সমকামী মানে ঘৃণনীয় মানুহ নহয়। আছে এখন পৱিত্ৰ হৃদয়।
সমকামিতাক ঘৃণনীয় কৰিছে চৰিত্ৰ হীন সকলে।

LGBTQIA+ জিন্দাবাদ!

লিখক : অনুৰাগ

Yes! Good stuff is hard to find ! But it doesn't fail.
 It’s easy to get bad stuff (sex workers), but it doesn’t make your life. Avoid being out of character for fleeting pleasures.



 Focus on the love of a spouse.

 I want to say as a gay man that being gay doesn't mean you have sex with everyone; Since others don't see it!
 Such thoughts belong to him/her who is characterless!

 Homosexuality does not mean a greater emphasis on same-sex sexuality;
 Homosexuality means being attracted to the same sex.
 The real meaning of homosexuality is that this attraction is through love, because gender does not matter at all. There is only love. This makes you forget what gender is.

 No one needs to be gay to engage in sex. A non-gay person can also have sex with a friend or with an elderly person or with a child or with an animal to satisfy his sexual appetite. It cannot be called gay. This is called sexual perversion or characterlessness.

 A homosexual is someone who just loves the same sex regardless of gender ( Top or Bottom).
 Sex is just a fleeting pleasure. But love is the power to survive.
 Sex is a process that leads to self-destruction. Therefore, those who give more importance to sexual activity grow old and sick quickly.



There is no true holy love today because the darkness of sexuality has engulfed the younger generation. It seems that they are encouraged to give up the price of milk and enjoy the taste of pork.

 For Hindus, there is only one good aspect of sex - preserving the lineage. That's also legitimate.

 Let us all learn to cherish holy love. I try to build my life beautifully by choosing a life partner. Because sex is only temporary. It will only give you happiness in youth. But when they get older, they fade sexually. The ones who have sex will not come to check on you.

 Only your loved ones will come. There will be only those you love until death.... which is a sweet relationship built with holy love. Don't you feel it?

 Yes! Good stuff is hard to find ! But it doesn't fail.
 It’s easy to get bad stuff (sex workers), but it doesn’t make your life. Avoid being out of character for fleeting pleasures.

 Focus on the love of a spouse. Homosexuals do not mean hateful people. There is a pure heart.

 Homosexuality is made disgusting by those without character.

 Long live LGBTQIA+!

Writer : Anurag 








Post a Comment

0 Comments