কুকুৰাৰ দেউকাৰ নতুন ৰেচিপি
সামগ্ৰীসমূহ :
৩০ টা কুকুৰাৰ ডেউকা
২ চামুচ অলিভ অইল
১ চামুচ নিমখ
২/৩ চামুচ জাতি জালুকৰ গুড়ি
৩ চামুচ নহৰুৰ গুড়ি
মৌ হালধিৰ চচ বনাবলৈ উপাদান লাগিব:
৪ কাপ বগা সৰিয়হ গুৰি কৰা
২ চামুচ চিকেন মচলা
১/২ কাপ মৌ
৩/৪ কাপ পানী
১ চামুচ তিলৰ তেল
২ চামুচ হালধি
১ চামুচ আদা বটা
১/৪ চামুচ ৰঙা জলকীয়াৰ টুকুৰা
১ চামুচ মাকৈ গুৰি বা বেচন
৩ চামুচ তিলৰ গুড়ি
নিৰ্দেশনা :
অভেন ৪২৫ ডিগ্ৰী ফাৰেনহাইটত প্ৰিহিট কৰক।
ডেউকা দুখন কাগজৰ টাৱেলেৰে সম্পূৰ্ণ শুকান হোৱালৈকে শুকুৱাই লওক।
এটা ডাঙৰ বাটিত সকলো উপাদান গুৰি কৰিব আৰু মিক্স কৰি একেলগে মিহলাই ডেউকাত সানি লওক। ইয়াত অলিভ অইল দি গ্রীজ কৰক।
বেকিং ট্ৰে এখনত এলুমিনিয়াম ফয়েল থৈ তাৰ পিছত ওপৰত পাৰ্চমেণ্ট পেপাৰ দিব, চিকেন ডেউকাবোৰ এটা তৰপত সজাই লওক, প্ৰয়োজন হ’লে দুখন বেকিং শ্বীট ব্যৱহাৰ কৰক। ৩৫ মিনিট বেক কৰক ।
আনফালে ২০ মিনিট উলটিবলৈ দিব মৌ হালধিৰ চচ বনাবলৈ । যিমান খিনি উপাদান লোৱা হৈছে সেইখিনি মিহলি কৰিব । মধ্যমীয়া জুইত চচ তৈয়াৰ কৰিব্ মিশ্ৰণটো উতলিবলৈ দি জুই কমাই ১০ মিনিট বা সামান্য ঘন হোৱালৈকে জুইত ৰাখিব।
এতিয়া চচৰ সৈতে কুকুৰাৰ ডেউকাত ধালি দিয়ক।
আৰু ১০ মিনিটৰ বাবে অভেনত দিব, ৫ মিনিটৰ পিছত কুকুৰাৰ দেউকা লুটিয়াই দিব।
১০ মিনিট ঠাণ্ডা হ’বলৈ দিব। ঠাণ্ডা হ’লে ডাঠ হৈ পৰে। কেইমিনিট মানৰ মূৰে মূৰে ডেউকা ঘূৰাই ঘূৰাই ডাঠ হোৱালৈকে চাটনিৰ সৈতে খাওক ।
1 Comments
Yammy 😋
ReplyDelete