কলিকতাৰ এজন মুছলমান সমকামী ডাক্তৰ মোড আবুবাকাৰ পাৰভেজৰ জীৱন সংগ্ৰামৰ কাহিনী।


কলিকতাৰ এজন মুছলমান সমকামী ডাক্তৰ মোড আবুবাকাৰ পাৰভেজৰ জীৱন সংগ্ৰামৰ কাহিনী।

By LGBTQ News Assam July 15

মোড আবুবাকাৰ পাৰভেজৰ পৰিচয় হৈছে আন্তঃবিভাজনৰ — এজন মুছলমান চিকিৎসক আৰু এজন সমকামী ব্যক্তি।  কিন্তু সমনীয়াই তেওঁক মৰমেৰে মাতে আৱবুৰ বুলি। ইয়াৰ বাবে সমাজে তেওঁক দিয়া সমকামী লেবেলতকৈ তেওঁৰ পৰিচয় বহু বেছি।  

 কলকাতাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা আৱবুৱে মনত পেলাইছে যে কেনেকৈ তেওঁৰ পিতৃ-মাতৃৰ পৰা তেওঁ ছোৱালীৰ আচৰণ কৰা বাবে গালি খাইছিল ।  ‘মই ভাবো যে তাৰ পৰাই মোৰ বিদ্ৰোহৰ ভাৱ আহিছিল।’  সৰুৰে পৰাই তেওঁক পুৰুষ হ’বলৈ হেঁচা প্ৰয়োগ কৰিছিল, কিন্তু তেওঁ অনুভৱ কৰে যে তাৰ নিচিনা প্ৰতিটো শিশুৱেই নিজকে ‘স্ত্ৰী’ বুলি ধৰি লয় আৰু পৰিয়াল -সমাজৰ পৰা বদনামৰ সন্মুখীন হয়।  “প্ৰাপ্তবয়স্কসকলে কেতিয়াও বুজিবলৈ চেষ্টা নকৰে আৰু পিতৃ-মাতৃয়ে কয়  ‘স্বাভাৱিক আচৰণ’ কৰিবলৈ। কিন্তু আমাৰ স্বাভাৱিক আচৰণ নাৰীত্বহে , কাৰণ আমি পুৰুষ নহয় ।  মোৰ দৰে স্কুলৰ ল’ৰা-ছোৱালীয়েও সমনীয়াৰ পৰা অপমান, মানসিক হেঁচা পায়।’-তেওঁ এনেদৰে কয়।

তেওঁ স্বীকাৰ কৰে যে সমাজৰ হেঁচাত দেউতাকৰ ওচৰলৈ গৈছিলো।  “মোৰ দেউতাই আন মানুহে কি ভাবিছিল বা কি কৈছিল সেই বিষয়ে অলপ সচেতন আছিল।  মোৰ সমকামিতাৰ বাবে তেওঁ মোৰ ওপৰত কঠিন হৈ পৰিছিল, তেতিয়া মোৰ বৰ শ্বাসৰুদ্ধ হৈ পৰিছিল।  তেওঁৰ এই কাৰ্য্য সন্তানৰ প্ৰতি ভাল নহ’লেও মই বুজিলোঁ যে তেওঁ চিন্তিত।  তেওঁৰ মানসিক অৱস্থা আৰু সমাজৰ প্ৰতি তেওঁৰ চেতনা বুজি পাইছিলোঁ।  তেওঁ নিবিচাৰিছিল যে মই সংগ্ৰাম কৰোঁ বা কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন হওঁ৷  মোৰ কুইয়াৰনেছক ৰোধ কৰিবলৈ তেওঁ মোক কো-এডৰ পৰা অল-বয়ছ স্কুললৈ বদলি কৰিলে, আৰু মই এনেকুৱা আছিলোঁ যে মোৰ এই নাৰী স্বভাৱ সলনি নহল!”  আৱবু ক'লে।


সৰুৰে পৰাই তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ সমাজৰ পুৰুষত্বৰ ধাৰণাবোৰৰ লগত খাপ নাখায় তেন্তে তেওঁ সফলতাৰ ধাৰণাবোৰৰ মালিক হ’ব।  সমনীয়াৰ পৰা অহা বিৰক্তি আৰু অপমানৰ সৈতে মোকাবিলা কৰিবলৈ আৱবুৱে নিজকে শৈক্ষিক দিশত উৎসৰ্গা কৰিছিল।  কিন্তু এই হেটেৰ’নৰ্মেটিভ পৰিৱেশত থকাৰ অভিজ্ঞতা সহজ নাছিল।  “এয়া আছিল নতুন ঠাই, বহুত মানুহ আছিল।  মোৰ এজন বন্ধুৱে মোক নোসোধাকৈয়ে মোৰ যৌনতা প্ৰকাশ কৰাৰ সিদ্ধান্ত ল’লে — আৰু হঠাতে সকলোৱে গম পালে।  মই মাত্ৰ সপ্তম শ্ৰেণীত পঢ়ি আছিলো আৰু মই বৰ অকলশৰীয়া হৈ পৰিছিলো, কিয়নো মোৰ লগত কোনেও কথা পাতিব নিবিচাৰিছিল।  কিন্তু পিছত আচলতে মই কৃতজ্ঞতা অনুভৱ কৰিলোঁ কাৰণ তেওঁ মোক ওলাই অহাৰ বোজাৰ পৰা মুক্ত কৰিলে।
ইয়াৰ পাছত মই তেওঁ পঢ়া-শুনাত গভীৰভাৱে ডুব গৈছিলো।'

আউবুৱে দশম শ্ৰেণীত স্কুলত শীৰ্ষস্থান দখল কৰিছিল। তেওঁ স্বীকাৰ কৰে যে তেওঁৰ বৰ্তমানৰ বহুতো সমস্যা তেওঁৰ স্কুলৰ সময়ৰ পৰাই উদ্ভৱ হৈছে, য'ত ল'ৰা-ছোৱালীয়ে তেওঁক কেতিয়াও বন্ধু নহয় যেন অনুভৱ কৰাইছিল।  ‘মই সদায় অনুভৱ কৰিছিলো যে মই কিবা ভুল কৰিছো আৰু মোক কোনেও ভাল পোৱাৰ যোগ্য নাছিলো। কিন্তু মোৰ ছোৱালীৰ দৰে আচৰণ হোৱা বাবে মই কেনেকৈ দোষী হলো বুজি নাপালো। মোক কিয় ইমান অপমান ঠাট্টা কৰে , মোৰ দোষ ক'ত?'

এতিয়াও প্ৰশংসাৰ উত্তৰ কেনেকৈ দিব লাগে নাজানো।  কিন্তু যিমান খিনি মানুহে মোক দুখ দিছিল তাৰ বিপৰীতে মই নিজকে ভাল কাম কৰি যাম বুলি প্ৰতিজ্ঞা কৰিছিলো।  সমাজত এজন সু নাম থকা মানুহ হম বুলি আশা ৰাখিলোঁ ।’


তেওঁ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা (NEET)ত যোগ্যতা অৰ্জন কৰিলে ।  তাতো ক্লাছত শীৰ্ষস্থান দখল কৰি তেওঁ প্ৰেচিডেন্সি ইউনিভাৰ্চিটিত লাইফ ছায়েন্স পঢ়িবলৈ সিদ্ধান্ত লয়। তেওঁক নিজকে এজন মানুহ হ’বলৈ ঠাই দিলে... “মানুহে মোৰ লিংগ বা যৌনতাক ( সমকামিতাক)  মোৰ একমাত্ৰ বৈশিষ্ট্য হিচাপে ভাবিবলৈ পাহৰিলে আৰু মোক এজন গোটেই মানুহ হিচাপে দেখিছিল।  অৱশেষত মই মোৰ সপোন পূৰণ কৰিলোঁ।’


 প্ৰথম কাউন্সেলিঙৰ পিছত বুৰ্ডৱান মেডিকেল কলেজত ঠাই পালে।  কিন্তু আৰম্ভণিতে কথাবোৰ মসৃণ নাছিল৷  “প্ৰথম দুসপ্তাহ নৰকৰ দৰে আছিল কাৰণ মই কাৰো লগত ভাল সম্পৰ্ক স্থাপন কৰিব পৰা নাছিলো।  মোৰ এনে লাগিল যেন সমকামী বাবে মোক আকৌ আলমাৰীৰ ভিতৰলৈ ঠেলি দিয়া হৈছে।’- ডাঃ আউবুৱে দুখ প্ৰকাশ কৰে। 
 
 তেওঁৰ দ্বিতীয় কাউন্সেলিং এটা টাৰ্নিং পইণ্ট আছিল, যেতিয়া তেওঁ কমাৰহাটীৰ সগোৰো দত্ত হস্পিতালত সোমাইছিল।  নতুন ৰুটিন এটাত সোমাই পৰিল, ৰাতিপুৱা হস্পিতাললৈ যাত্ৰা কৰিলে, ক্লাছৰ পিছত প্ৰেচিডেন্সিৰ লেবত কাম কৰিবলৈ গ’ল।  তেওঁ হাঁহিলে, “মই লেবত কাম কৰি ভাল পাইছিলো, মানসিক চাপৰ কম কৰিবলৈ সক্ষম হৈছিলোঁ।”
***বেছিভাগ চিকিৎসা বিজ্ঞানৰ ছাত্ৰই পঞ্চম বৰ্ষলৈকে কাম আৰম্ভ নকৰে যদিও আৱবুৱে কমাৰহাটীৰ সাগৰ দত্ত চিকিৎসালয়ত নিজেই তৃতীয় বৰ্ষৰ পৰাই ৰোগীক দেখা কৰিবলৈ আৰম্ভ কৰিছিল। *******

তৃতীয় বছৰত মহামাৰীক লৈ পৃথিৱীখন স্তব্ধ হৈ পৰিল, তেওঁৰো তেনেকুৱাই।  কিবা এটা কৰাৰ হেঁপাহে ঠাই লোৱাৰ আগতেই তেওঁ আৰম্ভণিতে শুই থকা, খোৱা-বোৱা আৰু নেটফ্লিক্স চোৱাৰ চক্ৰটো উপভোগ কৰিছিল।  “এয়া আছিল এক ভয়ংকৰ সময়, য’ত মই উদ্বেগ আৰু চিন্তাই ঘেৰি ধৰিছিল, আৰু মোৰ উদ্বেগে মোক অধিক দুখি কৰি তুলিছিল।  এদিন গম পালোঁ যে আমাৰ কলেজত স্বাস্থ্যকৰ্মীৰ বাবে বাছ সেৱা আছে, আৰু মই ড্ৰাইভাৰক মোক নিবলৈ ক’লোঁ।’  চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে পঞ্চম বৰ্ষৰ আগতে কাম আৰম্ভ নকৰে যদিও অৱবুৱে তৃতীয় বৰ্ষৰ পৰাই ৱাৰ্ডলৈ গৈ ৰোগীক দেখা কৰি আছিল, আনকি কেতিয়াবা তেওঁৰ চিনিয়ৰসকলৰ বাবেও কাম পূৰণ কৰিছিল।  ‘মই আৰাম কৰি বহি থাকিব নোৱাৰো আৰু সদায় মানুহক সহায় কৰি ভাল পাই আহিছো, য’ত ভাল চিকিৎসা কৰাৰ কথা আহিছিল।
সেই পৰ্যায়টো যদিও সহজ নাছিল আৰু মই প্ৰায়ে চিকিৎসালয়ত আতংকিত হৈ পৰিছিলো, মোৰ ক’ভিড হোৱাৰ ভয়ত।  কিন্তু তৃতীয় বছৰ সম্পূৰ্ণ কৰাৰ পিছত মই ইন্টাৰনিং আৰম্ভ কৰিলোঁ, যিটো মোৰ জীৱনৰ আটাইতকৈ ভাল বছৰ আছিল।  ই মোক প্ৰকৃততে কিবা এটা কৰিবলৈ অনুমতি দিলে, আৰু এটা পাৰ্থক্য আনিব পাৰিলোঁ।’- হাঁহি হাঁহি তেওঁ স্মৰণ কৰিলে।

 অৱশেষত কলেজত বন্ধুত্ব গঢ়ি তুলিবলৈ ধৰিলো।  হোষ্টেলৰ সকলোৱে কাম সম্পূৰ্ণ কৰি তেওঁৰ কোঠাত গোট খোৱাটো এটা দৈনন্দিন অনুষ্ঠান হৈ পৰিল।  “আমি  নিজৰ নিজৰ ফোনত ৰিল চাইছিলো, আমি একেটা কোঠাতে গোট খাইছিলো ভাল ভাল কথা পাতিছিলো।  এটা পৰিয়ালৰ দৰেই আছিল।’

 ইন্টাৰশ্বিপেও তেওঁক চিকিৎসা বিজ্ঞানৰ প্ৰথম কঠোৰ সত্য শিকাইছিল, আৰু তেওঁৰ মানসিক স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া হৈছিল। এইখিনিতে ক’ব পাৰি যে আৱবুৱে স্বীকাৰ কৰে যে বিচ্ছিন্ন জীৱন জীয়াই থকাতকৈ কিবা এটা ভাল কৰ্ম কৰি জীৱনটো আগবঢ়াই নিয়া উচিত সেয়েহে তেওঁ কৰ্মত নথকা সময়তো তেওঁ সদায় নিজৰ ৰোগীৰ কথা ভাবি থাকে। 

ৰোগীসকলে তেওঁৰ লিংগ আৰু যৌনতাক ( সমকামিতাক)  কেনেদৰে গ্ৰহণ কৰে সেই বিষয়ে সোধাত আউবুৱে কয়, “মই নিজেই চিকিৎসালয়ত থকাটো ইমানেই স্বাভাৱিক কৰি তুলিলোঁ যে মই এতিয়া সকলোৰে সন্মানৰ হৈ পৰিলো।  যেতিয়াই মই কামলৈ যাওঁ, তেতিয়াই মোৰ হাতত কোনো নিৰ্দিষ্ট কাপোৰ নাথাকে। নাৰী পুৰুষৰ সকলো কাপোৰ পিন্ধো। সেয়া পুৰুষৰ হওক বা নাৰীসুলভ হওক।  মই নন-বাইনাৰী কাপোৰ পিন্ধো আৰু মানুহক বিভ্ৰান্ত কৰাটো প্ৰায়ে মজা লাগে।’-তেওঁ হাঁহিলে। 

 স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ নিজৰ পৰিচয়ৰ বাবে নাৰীৰ কাপোৰ গৌৰৱেৰে পিন্ধিছিল, য’ত তেওঁ কুৰ্তাৰ সৈতে শাৰী এখন যোৰ কৰি  গ্ৰহণ কৰা দেখা গৈছে।

 কিন্তু অ’বুৱে স্বীকাৰ কৰে যে চিকিৎসালয়ত থকা মানুহে ধাৰণাসমূহৰ প্ৰতি বন্ধ দৃষ্টিভংগী ৰাখিব পাৰে, যদিও তেওঁলোক মুকলিকৈ কুসংস্কাৰপূৰ্ণ নহয়।  তেওঁ কয়, “এজন সংক্ৰমিত ৰোগীৰ বেজীয়ে মোক বিন্ধিলে এইচ আই ভি, হেপাটাইটিছ বি বা চিফিলিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা মোৰ ৫০% তকৈ অধিক থাকে। কিন্তু মানুহে ইমানকৈ বিন্ধি থাকিলেও কোনো ভয় নাই যদিহে নিজৰ জীৱনটো সুন্দৰকৈ গঢ়ি লব পাৰে।”

 
ড° আউবুৱে ইছলামৰ প্ৰতি সন্মান জনাই তেওঁৰ বিচিত্ৰতাৰ বিষয়ে কয়,  “মই ভাবো আল্লাহে সকলো দেখে, আপোনাৰ হৃদয়ত থকা ভালখিনিৰ বাবে আল্লাহে সহায় কৰে। গতিকে সমাজে বেয়া পাল বুলি  আমি  ভাগি পৰিব নালাগে। সততাৰে নিজৰ কাম কৰি গলে এদিন সফল হয়েই।  মই সঁচাকৈয়ে বিশ্বাস কৰোঁ যে আপুনি যিয়েই নহওক ( সমকামী বা অন্যান্য)  কিয় , আপোনাক যিমানেই ঘৃণা নকৰক কিয়, আল্লাহে এদিন হ'লেও ন্যায় কৰে। ’-তেওঁ মতামত আগবঢ়ায়।

তেওঁ এইটোও বুজাইছে যে তেওঁৰ পৰিচয় কেৱল তেওঁৰ ধৰ্ম বা যৌনতাত সীমাবদ্ধ নহয়,  বন্ধু আৰু ডাক্তৰ আৱবুকো অন্তৰ্ভুক্ত কৰা হৈছে।

 তেওঁ কুইয়াৰ সংগ্ৰামক আগুৱাই যাবলৈ পোষকতা কৰে।  “আমাৰ বাবে ভাল কৰিবলৈ নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰাসকলৰ বাবে মই কৃতজ্ঞ, প্ৰথমে নিজৰ জীৱনটো গঢ়িব লাগে তাৰ পিছত সকলো বাধা আঁতৰাবলৈ সক্ষম হয়। কোনো জ্ঞান নথকাকৈ কাম কৰা উচিত নহয়। একো একোজন ভাল মানুহ হিচাপে নিজকে গঢ়িবলৈ চেষ্টা কৰা উচিত। তেতিয়া সমাজেও ঘৃণাৰ দৃষ্টিৰে চাবলৈ এৰিব।" - তেওঁ শেষত এনেদৰে কয়।



Post a Comment

0 Comments