হায়দৰাবাদৰ চিকিৎসক জৰুৰীকালীন অৱস্থাত এম ডি যোগদান কৰা প্ৰথমজন ট্ৰেন্সপাৰ্ছন

হায়দৰাবাদৰ চিকিৎসক জৰুৰীকালীন অৱস্থাত এম ডি যোগদান কৰা প্ৰথমজন ট্ৰেন্সপাৰ্ছন

'৮ বছৰ বয়সৰ পৰাই মোৰ সপোন আছিল ডাক্তৰ হোৱা।  মানুহে মোৰ লগত বহুত বেয়া আৰু অপমানৰ  ব্যৱহাৰ কৰিছিল তাৰ বাবেই মই কঠোৰ পৰিশ্ৰম কৰিছিলো আৰু প্ৰতিটো স্তৰতে সংগ্ৰাম কৰিছিলো।  ২০১৮ চনত MBBS সম্পূৰ্ণ কৰাৰ পিছত কমেও ২০খন চিকিৎসালয়ে মোক নাকচ কৰিলে।"

By LGBTQ News Assam, August 23

 খাম্মামৰ এটা সামান্য কৃষক পৰিয়ালৰ পৰা অহা ড০ কয়য়ালাই মেধা অনুসৰি এম বি বি এছ সম্পূৰ্ণ কৰিবলৈ দীৰ্ঘদিনীয়া সংগ্ৰামৰ মাজেৰে পাৰ হৈছিল।

হায়দৰাবাদঃ ই এছ আই হাস্পতালত এম ডি ইমাৰ্জেন্সি মেডিচিনত ভৰ্তি হোৱা প্ৰথমজন ট্ৰেন্সপাৰ্ছন হ’ব এম বি বি এছৰ ডাঃ ৰুথ পল জন কয়য়ালা।  বৰ্তমান এইচ আই ভি/এইডছৰ সৈতে জড়িত এন্টিৰেট্ৰ’ভাইৰেল থেৰাপি (এ আৰ টি) বিভাগৰ চৰকাৰী ওছমানিয়া জেনেৰেল হাস্পতালত (অ’ জি এইচ) চিকিৎসা বিষয়া হিচাপে কাম কৰি আছে।

খাম্মামৰ এটা সামান্য কৃষক পৰিয়ালৰ পৰা অহা ড০ কয়য়ালাই মেধা অনুসৰি এম বি বি এছ সম্পূৰ্ণ কৰিবলৈ দীৰ্ঘদিনীয়া সংগ্ৰামৰ মাজেৰে পাৰ হৈছিল।

 ৮ বছৰ পূৰ্বে মাতৃৰ ওচৰলৈ ওলাই অহি সমকামী বুলি পৰিচয় দিয়াৰে  পৰাই হায়দৰাবাদত বসবাস কৰি অহা ২৮ বছৰীয়া ট্ৰেন্সজেণ্ডাৰ গৰাকীয়ে পৃথক হোৱাৰ বাবে সৰুৰে পৰা অপমানৰ সন্মুখীন হ’বলগীয়া হৈছে।
তাই পুৰুষৰ শৰীৰ লৈ জন্ম হৈছিল যদিও তাই নিজকে নাৰী বুলি কয়।

হায়দৰাবাদৰ মাল্লা ৰেড্ডী ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ পৰা এম বি বি এছ সম্পূৰ্ণ কৰে।

 ‘৮ বছৰ বয়সৰ পৰাই মোৰ সপোন আছিল ডাক্তৰ হোৱা।  মানুহে মোৰ লগত বহুত বেয়া আৰু অপমানৰ  ব্যৱহাৰ কৰিছিল তাৰ বাবেই মই কঠোৰ পৰিশ্ৰম কৰিছিলো আৰু প্ৰতিটো স্তৰতে সংগ্ৰাম কৰিছিলো।  ২০১৮ চনত MBBS সম্পূৰ্ণ কৰাৰ পিছত কমেও ২০খন চিকিৎসালয়ে মোক নাকচ কৰিলে।  তেওঁলোকে মোৰ চেহেৰা আৰু মোৰ ৰিজ্যুমত হিজড়াৰ উল্লেখ চাইছিল আৰু নাকচ কৰিছিল।’ ইণ্ডিয়ান এক্সপ্ৰেছৰ উদ্ধৃতিৰে ড০ কয়য়ালাৰ উদ্ধৃতি দিয়া হৈছে।

বহু সংগ্ৰামৰ পাছত ২০২০ চনত পৰিস্থিতি সলনি হ’বলৈ আৰম্ভ কৰে যেতিয়া তেওঁ আন এগৰাকী ট্ৰেন্সউমেন ডাক্তৰ ডাঃ প্ৰচি ৰাথোৰৰ সৈতে দুয়োগৰাকীক হায়দৰাবাদৰ মিত্ৰ – ইউএছএআইডিৰ ট্ৰেন্সজেণ্ডাৰ ক্লিনিকত চিকিৎসা বিষয়া হিচাপে নিযুক্তি দিয়া হয়।

ড০ কয়য়ালাই কয় যে, “যদিও ই সপ্তাহত তিনিদিনীয়া অংশকালীন কাম কৰিছিলোঁ আৰু চাৰি ঘণ্টাৰ ৱৰ্ক শ্বিফ্ট আছিল, এইটোৱেই আছিল মোৰ কাৰণে ৰুটি আৰু মাখন পোৱাৰ ফল।” 

 ডাঃ কয়য়ালাই ২০২১ চনত ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা (NEET-PG)ৰ বাবে যোগ্যতা অৰ্জন কৰিছিল আৰু ট্ৰেন্স শিতানৰ অধীনত আসনৰ পৰা বঞ্চিত হৈছিল, আৰু ইয়াৰ পৰিৱৰ্তে মহিলা শাখাৰ অধীনত কাউন্সেলিঙৰ বাবে চৰ্টলিষ্ট কৰা হৈছিল।

 তেলেংগানাৰ ৱাৰংগালস্থিত ডাঃ কালোজী নাৰায়ণ ৰাও স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই তেওঁক জনাইছিল যে তেওঁৰ এম বি বি এছৰ প্ৰমাণপত্ৰ আৰু চৰকাৰী নথি অনুসৰি পৰিচয়ৰ মিল নাই।

“মই তেওঁলোকক বুজাই দিলোঁ যে মই এগৰাকী ট্ৰেন্সউমেন যদিও মোৰ এমবিবিএছ ডিগ্ৰী আৰু অন্যান্য প্ৰমাণপত্ৰত পুৰুষৰ নাম আছিল।  মই তেওঁলোকৰ সৈতে তেলেংগানা চৰকাৰে দিয়া মোৰ হিজড়া আইডি প্ৰমাণপত্ৰ শ্বেয়াৰ কৰিলোঁ আৰু তথাপিও তেওঁলোকে মোক পুৰুষ শ্ৰেণীৰ অধীনত অন্তৰ্ভুক্ত কৰিলে।’-ডাঃ কয়য়ালাই কয়।

 ডাঃ কয়য়ালাক মাচুল পৰিশোধ কৰাত সহায় কৰাৰ বাবে অভিযান আৰম্ভ কৰা অ’ জি এইচৰ অধীক্ষক ডাঃ বি নাগেণ্ডাৰৰ প্ৰচেষ্টাৰ বাবে নামভৰ্তিৰ সময়ত মুঠ ২.৫ লাখ টকা দিয়া হৈছিল।

২৪ ঘন্টাৰ ভিতৰতে অ’জিএইচৰ চিকিৎসক আৰু কৰ্মচাৰীয়ে এক লাখ টকা বৰঙণি আগবঢ়ায় আৰু বাকী ১.৫ লাখ টকা হায়দৰাবাদৰ বেচৰকাৰী জনস্বাস্থ্য সংস্থা হেল্পিং হেণ্ড ফাউণ্ডেশ্যন (এইচ এইচ এফ)ৰ দ্বাৰা আদায় কৰে।

২০১৪ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ ফলত হিজড়া সম্প্ৰদায়ক ‘তৃতীয় লিংগ’ হিচাপে স্বীকৃতি দিয়াৰ লগতে ভাৰতৰ সংবিধানৰ অধীনত মৌলিক অধিকাৰৰ অধিকাৰী বুলি ৰায় দিয়া হয়।

Post a Comment

0 Comments