গুৱাহাটী: সদৌ অসম হিজড়া সন্থাৰ সহযোগত উত্তৰ-পূব সীমান্ত ৰে’লৱেই এই চাহ ষ্টলটো মুকলি কৰে ।

গুৱাহাটী ৰেলৱে ষ্টেচনত হিজড়াৰ দ্বাৰা পৰিচালিত প্ৰথম চাহ ষ্টল

By LGBTQ News Assam August 4, 2023

গুৱাহাটী: সদৌ অসম হিজড়া সন্থাৰ সহযোগত উত্তৰ-পূব সীমান্ত ৰে’লৱেই এই চাহ ষ্টলটো মুকলি কৰে ।

ফটো: গুৱাহাটী ৰেলৱে ষ্টেচনত নিৰ্মিত সৰ্ব হিজড়া চাহ ষ্টল উদ্বোধন কৰে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেৰ জেনেৰেল মেনেজাৰ অংশুল গুপ্তাই।

গুৱাহাটী ৰে’লৱে ষ্টেচন ভাৰতীয় ৰে’লৱেৰ প্ৰথমটো ষ্টেচন হিচাপে পৰিগণিত হৈছে য’ত একান্তভাৱে হিজড়া লোকে পৰিচালিত চাহ ষ্টল খুলিছে।

 সদৌ অসম হিজড়া সন্থাৰ সহযোগত স্থাপন কৰা এই ষ্টলটো যোৱা ১০ মাৰ্চত উদ্বোধন কৰে নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেৰ জেনেৰেল মেনেজাৰ অংশুল গুপ্তাই।

 “কোনো কেন্দ্ৰীয় চৰকাৰী সংগঠনৰ এয়া প্ৰথম এনে পদক্ষেপ আৰু হিজড়া সম্প্ৰদায়ক জীৱিকাৰ বিকল্প প্ৰদান কৰি সবলীকৰণৰ দিশত আমাৰ প্ৰথম পদক্ষেপ,” মিষ্টাৰ গুপ্তাই ক’লে।

সন্থাৰ উপ-সভাপতি স্বাতী বিধান বৰুৱাই হিজড়া সমাজৰ কল্যাণৰ প্ৰতি সমাজৰ দায়িত্ব আৰু আৰ্থিকভাৱে সুৰক্ষিত হোৱাৰ প্ৰয়োজনীয়তাৰ স্বীকৃতি হিচাপে এন এফ আৰৰ এই পদক্ষেপক প্ৰশংসা কৰে।

অসমত প্ৰায় ৫৫০০ হিজড়া আছে যদিও সঠিক সমীক্ষা কৰিলে এই সংখ্যা অধিক হ’ব বুলি শ্ৰীমতী বৰুৱাই ক’লে।

 “হিজড়াসকলে প্ৰায়ে হাৰাশাস্তিৰ সন্মুখীন হয় আৰু নিৰৱচ্ছিন্নভাৱে চাকৰি নাপায়। এইদৰে অপমান হজম কৰি ৰেল, ৰেল ষ্টেচন আদি ৰাজহুৱা স্থানত ভিক্ষা খুজিবলৈ বাধ্য হয়। এনএফআৰে তেওঁলোকক মৰ্যাদা প্ৰদানৰ উদ্যোগ লৈছে।’  স্বাতী বিধান বৰুৱাই কয়।

 এন এফ আৰৰ মুখপাত্ৰ সব্যাছাচি ডিয়ে কয় যে জ’নৰ ভিতৰৰ অন্যান্য ৰে’ল ষ্টেচনত এনেধৰণৰ আৰু অধিক ষ্টল মুকলি কৰা হ’ব। এই পদক্ষেপ হিজড়াৰ সৰ্বাংগীন পুনৰ্বাসন আৰু কল্যাণৰ বাবে কেন্দ্ৰীয় আঁচনিৰ অধীনত।


Post a Comment

0 Comments