অসমৰ ওদালগুৰি টংলাৰ মুকলিকৈ স্বীকাৰ কৰা এজন সমকামী ৰাতুলৰ জীৱন কাহিনী।


অসমৰ ওদালগুৰি টংলাৰ মুকলিকৈ স্বীকাৰ কৰা এজন সমকামী ৰাতুলৰ জীৱন কাহিনী।

"মোক গাওঁৰ কিছুমান লোকে আধা লেডিচ, হিজড়া বুলি জোকাইছিল। মোৰ আত্মহত্যা কৰিব মন গৈছিল। স্কুলত মোক ছাৰ , বাইদেউহঁতে মৰম কৰিছিল, কিন্তু কিছুমান লোকে মোক হিজড়া, লেডিচ বুলি জোকাইছিল।"

By LGBTQ News Assam, Nov 23, 2023

ওদালগুৰি টংলাৰ মুকলিকৈ সমকামী ৰাতুল বড়োৰ সৈতে আমি LGBTQ News Assam ৰ তৰফৰ পৰা তাৰ জীৱন কাহিনী জানিবৰ বাবে আমি কথা পাতিলো। সি আমাক তাৰ জীৱন কাহিনী জনালে। আহকচোন জানো তাৰ জীৱন কাহিনী।


প্ৰশ্ন: তুমি নিজকে এজন সমকামী বুলি কেতিয়া জানিলা?

ৰাতুল : আগতে মই যে এজন সমকামী হয় এই বিষয়ে জনা নাছিলোঁ। LGBTQ ৰ বিষয়ে মই জনা নাছিলোঁ।  মই নিজকে এজন সাধাৰণ মানুহ বুলিয়ে ভাবিছিলো।

মোক গাওঁৰ কিছুমান লোকে দোকানলৈ , বজাৰলৈ বা স্কুললৈ গ'লে আধা লেডিচ, হিজড়া বুলি জোকাইছিল। স্কুলত মোক ছাৰ , বাইদেউহঁতে মৰম কৰিছিল, লগৰবোৰেও মোক ইমান জোকোৱা নাছিল।‌ মোক দেখিলেই বয়সত ডাঙৰ বোৰেইহে হিজড়া, লেডিচ বুলি জোকাইছিল। তেতিয়া মোৰ আত্মহত্যা কৰিব মন গৈছিল।

Class 9/10 পঢ়ি থাকোতে এজনী Girl friend আছিল। কিন্তু এদিন মোক ফেচবুকত কোনোবাই সমকামী Group এটাত join কৰালে। তেতিয়াৰ পৰা মোৰ সেইবোৰ দেখি দেখি লʼৰাও ভাল লগা হ'ল। মই তেতিয়া সমকামী হৈ পৰিলোঁ। মই মোৰ ভালপোৱাজনীক ইয়াৰ বিষয়ে কৈছিলো আৰু মোৰ পৰা আতঁৰি যাবলৈ দিছিলো, কিন্তু তাই বহুত কান্দিছিল । মই সমকামী হ'লেও তাই Accept কৰি লৈছিল। কিন্তু মই তাইক নিজৰ কৰিব নোৱাৰিলোঁ কাৰণ মোৰ পুৰুষক হে ভাল লগা হʼল।

LGBTQIA+ ৰ বিষয়ে মই ফেচবুক, ইউটিউবত পালো আৰু নিজৰ বিষয়ে ভালকৈ জানিব পাৰিলো।
আগতে মই ভাবিছিলো এই পৃথিৱীত মই অকলে এনেকুৱা নেকি ? কিন্তু মই এতিয়া ইয়াৰ বিষয়ে জানি বহুত সুখী অনুভৱ কৰো। যেতিয়া মই প্ৰথম মোবাইল লৈছিলো তেতিয়া ফেচবুকত বহুতেই sex কৰিবলৈ মেচেজ পঠিয়াই থকা আছিল আৰু মই T নে B নে V সুধি থকা আছিল। মই একো উত্তৰ দিয়া নাছিলো মাথো কৈছিলো মই Gay হয় বুলি। মই ইয়াৰ বিষয়ে একো জনা নাছিলোঁ। এতিয়া সকলো বুজিলো।


প্ৰশ্ন: Pride Month বা LGBTQ Community ৰ অনুস্থানত ভাগ লৈছিলা নে ?

ৰাতুল : তেনেকুৱা অনুস্থানত ভাগ বৰ্তমানলৈকে লোৱা নাই। ২০২৩ ৰ এই বৰ্ষত ক্ৰমে ১৯ অক্টোবৰত আৰু ২৯ অক্টোবৰত গুৱাহাটী আৰু ৰঙিয়াৰ LGBTQIA+ community ৰ মিটিং হৈছিল তাতে গৈছিলো। অহা ১৭ ডিচেম্বৰত গুৱাহাটীত  Pride Walk  অনুষ্ঠিত হʼব তাত মই যাম বুলি ভাবিছোঁ।


প্ৰশ্ন: ৰঙিয়া আৰু গুৱাহাটীৰ যি LGBTQIA+ Meeting হৈছিল তাত কিহৰ বিষয়ে আলোচনা কৰা হৈছিল?

ৰাতুল : গুৱাহাটীৰ মিটিং খনত ছাৰ সকলে আৰু   madam এজনীয়ে জনাইছিল যে বহুজনৰ লগত যৌন সম্পৰ্ক কৰাতো বিপদজনক। এজনৰ লগতেই যৌন সম্পৰ্ক কৰিব লাগে, লগতে Condom ব্যৱহাৰ কৰাৰ কথা কৈছিল। গুৱাহাটীত আমাৰ সকলোৰে HIV test কৰিছিল বিনামূলীয়াকৈ। যৌন ৰোগ, HIV, STI বা অন্যান্য এজনৰ পৰা আন এজনলৈ বিয়পা ৰোগৰ বিষয়ে সাৱধান কৰি দিছিল।
লগতে সাহসেৰে জীৱন নিৰ্বাহ কৰাৰ কথা কৈছিল আৰু সহযোগিতা আগবঢ়াইছিল। নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ কৰিবলৈ বাধা কৰিছিল।

প্ৰশ্ন: তুমি তোমাৰ মাৰাক এই বিষয়ে বা তোমাৰ বিষয়ে কলা নে?

ৰাতুল : আমাৰ ঘৰত কোনো নাই মা আৰু মোৰ বাহিৰে। মই সৰু থাকোঁতেই দেউতা ঢুকাইছে। মই নিজৰ বিষয়ে জনাৰ পিছতো মাক কোৱা নাছিলোঁ।
এই চলিতো বৰ্ষতেই মই মোৰ মাক মোৰ বিষয়ে কলোঁ।

প্ৰশ্ন: তেতিয়া কেনেকুৱা আচৰণ কৰিছিল তোমাৰ মা?

ৰাতুল : মই যেতিয়া কলো যে - মা, মই ছোৱালী বিয়া কৰাব নোৱাৰো। মই পুৰুষৰ লগতহে বিয়া হম।‌ তেতিয়া মা আচৰিত হৈছিল আৰু কৈছিল - পুৰুষে পুৰুষৰ লগত বিয়া কেতিয়াও হব নোৱাৰে। এনেকুৱা কি কথা কৈছা তুমি বুলি প্ৰশ কৰিছিল।
মই তেতিয়া মাক বহুত বুজাইছিলো ইয়াৰ বিষয়ে আৰু ভাৰতীয় সমকামী দম্পতীৰ বিয়া হোৱা ফটোবোৰ দেখুৱাইছিলোঁ। বহুত সময়ৰ পিছত মা মানিবলৈ বাধ্য হয় । এতিয়া মোক বহুত মৰম কৰে আৰু বুজি উঠিছে।

প্ৰশ্ন: কেতিয়াবা নিজকে দুখ অনুভৱ কৰা নে?

ৰাতুল : হয় , মই কেতিয়াবা হথাতে দুখ অনুভৱ কৰো । ভগৱানে মোক কিয় এনেকুৱা জন্ম দিলে , মই কি ভুল কৰিছিলো বুলি ভাবো আৰু কান্দো। কিন্তু এতিয়া তেনেকৈ ভাবিবলৈ এৰি দিছোঁ কাৰণ সমকামী দেখোন বহুত আছে, মই অকলেই নহয়। আমাৰো আনৰ দৰে সমাজত জীয়াই থকাৰ হেঁপাহ আৰু অধিকাৰ আছে।

প্ৰশ্ন : তোমাৰ ভালপোৱাৰ বিষয়ে জনাবা।

ৰাতুল : Class 9/10 পঢ়ি থাকোতে এজনী Girl friend আছিল। কিন্তু এদিন মোক ফেচবুকত কোনোবাই সমকামী Group এটাত join কৰালে। তেতিয়াৰ পৰা মোৰ সেইবোৰ দেখি দেখি লʼৰাও ভাল লগা হ'ল। মই তেতিয়া সমকামী হৈ পৰিলোঁ। মই মোৰ ভালপোৱাজনীক ইয়াৰ বিষয়ে কৈছিলো আৰু মোৰ পৰা আতঁৰি যাবলৈ দিছিলো, কিন্তু তাই বহুত কান্দিছিল । মই সমকামী হ'লেও তাই Accept কৰি লৈছিল। কিন্তু মই তাইক নিজৰ কৰিব নোৱাৰিলোঁ কাৰণ মোৰ পুৰুষক হে ভাল লগা হʼল।

ইয়াৰ পিছত ৰৌতাৰ‌ এজন লʼৰা ফেচবুকত চিনাকি হৈ প্ৰেম হৈছিল। আমি সদায়ে কথা পাতিছিলো, ভিডিঅ' Call , msg কৰিছিলোঁ।  কিন্তু সম্পৰ্ক বেছি দিন নাথাকিল। মোক ফোন নকৰা হল। কি কাৰণত মোৰ‌‌ পৰা আঁতৰি গ'ল মই আজিও নাজানিলো। মই তেতিয়া বহুত দুখ পাইছিলো।

এতিয়া এজন‌ চিৰাং জিলাৰ বন্ধু আছে। আমি কথা পাতো যদিও প্ৰেমৰ সম্পৰ্ক বৰ্তমানলৈ হোৱা নাই।

প্ৰশ্ন: তোমাৰ ভৱিষ্যত আশা?

ৰাতুল : মই বৰ্তমান Higher Secondary পঢ়ি আছো। আগলৈ মই মডেলিং কৰিম বুলি ভাবিছোঁ। কাৰণ মই দেখুৱাই দিব বিচাৰো‌ যে সমকামী সকলো সুনাম অৰ্জন কৰিব পাৰে।

প্ৰশ্ন:  শেষত আজিৰ সমাজ আৰু সমকামী সকলোক কি বাৰ্তা জনাবা? 

ৰাতুল : যি সকলে সমকামী বুলি নিজকে পৰিচয় দিবলৈ ভয় খাই আছে তেনে কৰিলে নিজৰ জীৱনত বহুত কষ্ট আহি পৰিব আৰু মুকলি মনে সুখি হ'ব নোৱাৰিব।  সমাজে আমাক গ্ৰহণ কৰিব লাগে। আমাৰ এইয়া মানসিক ৰোগ নহয়।

আৰু লগতে ক'ব বিচাৰো যে সমকামী Gay Application বিলাক চৰকাৰে বন্ধ কৰিব লাগে। বহু সমকামীৰ জীৱন ধংস হে হৈ আছে। এই App বিলাকে কেৱল যৌনতাকহে আগবঢ়াই নিছে। প্ৰেম কৰিবলৈ এৰি দিছে। নাৰী বিবাহ কৰোৱা Bisexual মানুহে বেছিকৈ ব্যৱহাৰ কৰি বহুতো সমকামীৰ জীৱন ধংস কৰিছে। কাৰণ তেওঁলোকে কেৱল যৌন আনন্দহে বিচাৰে, প্ৰেম নিবিচাৰে।
সেয়েহে চৰকাৰে এনে এপ বন্ধ কৰিব লাগে।


The life story of Ratul, an openly confessed gay man from Odalguri, Tongla, Assam.

  "Some people in the village teased me as half lady, transgender. I wanted to commit suicide. At school, I was loved by teachers and sisters, but my friends teased me as transgender, ladies.

  By LGBTQ News Assam, Nov 23, 2023

  LGBTQ News Assam spoke to Ratul Boro, an openly gay man from Tongla, Odalguri, to find out his life story. He told us his life story. Let's learn his life story.


  Q: When did you know you were gay?

  Ratul: I didn't know that I was gay before. I didn’t know about LGBTQ. I thought I was an ordinary person.

  I was teased by some villagers as half ladies, transgender when I went to the shops , markets or schools. I was loved by my teachers and sisters in school, and my friends didn't tease me, but only the older ones would tease me as transgender and ladies. Then I wanted to commit suicide.

  I had a Girl friend when I was in Class 9/1 But one day someone asked me to join a gay group on Facebook. Since then, I have enjoyed seeing them as a boy. I then became gay. I told my girlfriend about it and let her get away from me, but she cried a lot. She accepted that I was gay. But I couldn't make her my own because I fell in love with my husband.

  I found about LGBTQIA+ on Facebook, YouTube and got to know myself better.
  I used to think I was the only one in this world. But I feel much happier knowing about it now. When I first got my cell phone, there were many people on Facebook sending messages to have sex and I was asking T or B or V. I didn't answer anything but said I was gay. I didn't know anything about it. Now I understand everything.

Q: Did you attend Pride Month or LGBTQ Community events?

  Ratul: I haven't participated in such events yet. This year 2023, I went to the LGBTQIA+ community meetings in Guwahati and Rangia on 19 October and 29 October respectively. I am planning to attend Pride Month in Guwahati on 17th December.

  Q: What was discussed at the LGBTQIA+ Meetings in Rangia and Guwahati?

  Ratul: At the meeting in Guwahati, the teachers and a sister named Pinky told me that it is dangerous to have sex with many people. He told me to have sex with one person and to use condoms. In Guwahati, we were all tested for HIV free of charge. They warned about sexually transmitted diseases, HIV, STIs or other diseases that can be spread from one person to another.
  He also spoke of living with courage and cooperated. He prevented the use of drugs.

  Q: Did you tell your mother about this or about you?

  Ratul: There is no one in our house except my mother and me. My father died when I was young. I didn't tell my mother even though I knew about myself.
  This year I told my mother about me.

  Q: How did your mother behave then?

  Ratul: When I said that - Mother, I cannot marry a girl. I will marry a man, and my mother was surprised and said, 'A man can never marry a man. He asked her what she was talking about.
  I then explained a lot to my mother about it and showed her photos of Indian gay couples getting married. After a long time, my mother was forced to agree. Now he loves me very much and understands.

  Q: Do you ever feel sad?

  Ratul: Yes, I sometimes feel suddenly sad. Why did God give birth to me like this , I wonder what I did wrong and cry. But now I have stopped thinking that way because there are many homosexuals, I am not alone. We have the desire and right to live in society like others.

Q: Tell us about your love.

 Ratul : I had a Girl friend when I was in Class 9/1 But one day someone asked me to join a gay group on Facebook. Since then, I have enjoyed seeing them as a boy. I then became gay. I told my girlfriend about it and let her get away from me, but she cried a lot. She accepted that I was gay. But I couldn't make her my own because I fell in love with my husband.

 After that, she met a boy from Routa on Facebook and fell in love. We always talked, video Call , msg. But the relationship didn't last long. I stopped calling. I still don't know why he left me. I was very sad then.

 Now I have a friend from Chirang district. We talk but we haven't had a love affair yet.

 Q: Your future hopes?

 I am currently studying in Higher Secondary. I think I will be modeling in the future. Because I want to show that gays can earn all the reputation.

 Q: Finally, what message would you give to today’s society and all gays?

 Ratul: Those who are afraid to identify themselves as gay will cause a lot of pain in their lives and will not be happy openly. Society should accept us. This is not our mental illness.

 And I also want to say that the government should stop gay applications. Many gay lives are being ruined. These apps only promote sex. They have stopped loving. Bisexual people who marry women have ruined the lives of many gays by using them more. Because they only want sexual pleasure, not love.
 Therefore, the government should ban such apps.





















Post a Comment

0 Comments