Language Selection

পুৰুষৰ ৰোগ

পুৰুষৰ ৰোগ



স্বপ্ন দোষ 

Published from Blogger Prime Android App


বিভিন্ন কাৰণত শুক্ৰ পাতল হোৱাৰ কাৰণে স্বপ্নদোষ হয়। শুক্ৰকোষত যি পৰিমাণৰ শুক্ৰ ধৰে তাতোকৈ বেছি উত্পাদন হ’লে স্বপ্নদোষ হ’ব পাৰে। ই বিশেষ ক্ষতি নকৰে। কিন্তু অন্যান্য কাৰণত সঘনে স্বপ্নদোষ হ’লে, সি ৰোগত পৰিণত হ’ব পাৰে। অনবৰত যৌন বিষয়ক চিন্তা, যৌন বিষয়ক কথা, অশ্লীল কিতাপ পঢ়া, অশ্লীল ছবি চোৱা, কথাছবি চোৱা আদিৰ পৰা মৈথুনৰ ইচ্ছা প্ৰবল হৈ থকাৰ ফলত স্বপ্নদোষ হ’ব পাৰে। স্বপ্নদোষ এইবোৰ কাৰণত হ’লে হৈ থকা হয়। সম-মৈথুন, সুপ্ত মৈথুন কৰিলেও স্বপ্নদোষ হয়। অতিপাত মছলাযুক্ত খাদ্য খোৱা, বেছিকৈ টেঙা খোৱা, শৌচ-প্ৰস্ৰাৱৰ নিয়মিত গতিবেগ ৰোধ কৰিলে বা গুৰুপাকী বস্তু খালেও স্বপ্নদোষ হয়।

Published from Blogger Prime Android App

ৰোগৰ লক্ষণ

প্ৰথম অৱস্থাত মৈথুন উত্তেজক পৰিবেশ সপোনত দেখা পায় বা আকাংক্ষিত সংসৰ্গীক লগ পায় আৰু সপোনত বীৰ্যস্খলন হয় বা হ’বলৈ ধৰে আৰু টোপনি ভাঙে। শৰীৰ দিনে দিনে দুৰ্বল হয়। চকু দুটা কোটৰলৈ সোমায় যায়। মনৰ উত্সাহ-উদ্দীপনা নোহোৱা হ’বলৈ ধৰে, স্মৃতিশক্তি হ্ৰাস পায়। অবিবাহিত ডেকা ল’ৰাৰ মাহত দুই-এদিন হ’ব পাৰে, তাৰ পৰা বিশেষ ক্ষতি নহয়। কিন্তু ঘনাই হ’ব ধৰিলে, সপ্তাহতে দুই-তিনিবাৰ হ’ব ধৰিলে ৰোগত পৰিণত হয়। ইয়াৰ ফলত লিংগ ঢিলা হৈ যায় আৰু পাছলৈ ধ্বজভংগ (বীৰ্যহীন) ৰোগ হয়। মানুহ অকামিলা হয়। বীৰ্যহীনৰ মনৰ ইচ্ছা প্ৰবল হ’ব পাৰে আৰু মানুহ পাগলো হৈ যাব পাৰে। মানুহৰ অকাল মৃত্যু হয়। কিন্তু বেছিভাগ ৰোগীয়েই ধ্বজভংগ বা পুৰুষত্বহীনতা ৰোগত ভোগে।

Published from Blogger Prime Android App  

অতিৰিক্ত বীৰ্য বা ধাতু ক্ষয় হ’লে বীৰ্য পাতল হৈ যায়। স্বপ্নদোষৰ বাহিৰেও মুক্তভাৱে বীৰ্যৰ ক্ষতি কৰিলেও একেই ফল ভুগিব লাগে। ডেকা ল’ৰাৰ অশুভ নাৰী বা সমকামীৰ সংসৰ্গলৈ যোৱাৰ ফলত কেতিয়াবা কম বয়সতে বেছি বীৰ্যপাত হ’লে, ধৰক ২০ বছৰ বয়সৰ আগতে স্ত্ৰী-সংগমত বা সমকামী সংগমত বৰকৈ লিপ্ত হৈ পৰিলে অতিপাত বীৰ্যক্ষয় হয় আৰু তাৰ ফলতো বীৰ্য পাতল হৈ যায়। বীৰ্য পাতল হ’লে স্ত্ৰী বা পুৰুষ জীৱন সংগীৰ সৈতে সংগমত সুখ নাথাকে। বিশ্বপিতাৰ সৃষ্টিৰ যি পৰম আনন্দ তাৰ উপলব্ধিয়ে নোহোৱা হয়। যৌনক্ৰিয়া খুব খন্তেকীয়া হয় আৰু বীৰ্যধাৰণ কৰি ৰাখিব নোৱাৰে। জীৱন সংগীৰ সংস্পৰ্শলৈ অহাৰ ক্ষন্তেক পাছতেই বীৰ্যস্খলন হয়। প্ৰথমতে বিশৃংখল জীৱন আৰম্ভ কৰি স্বপ্নদোষ আদি ৰোগত ভুগিলে পাছত বৈবাহিক বা যৌন জীৱন অশান্তিময় হয়। আগলৈ নিজৰ জনক বা জনীক সুখ দিব নোৱাৰ হয় আৰু যৌন শক্তি কমা সেই পুৰুষলৈ শ্ৰদ্ধা-ভক্তি নোহোৱা হয়। সাংসাৰিক অশান্তিৰো ইয়েই প্ৰকৃত কাৰণ হৈ থাকে আৰু কাজিয়া-পেচাল তেনে কাৰণতে হয়। কাৰণ সেই পুৰুষৰ দ্বাৰা যৌন তৃপ্তিৰ পৰা সদায় বঞ্চিত হৈ থাকে। যিটো এটা জীৱনৰ বাবে বৰ সহজ কথা নহয় আৰু তাৰ বাবেই সমাজত ভ্ৰষ্টাচাৰৰ সৃষ্টি হয়।

পুৰুষৰ শৰীৰৰ তেজৰ সাৰ ভাগৰ পৰা বীৰ্য তৈয়াৰ হয়। বীৰ্য পাতল হ’লে তেজৰ গুণাগুণ কমি যাব পাৰে। ফলত বীৰ্যৰো গুণাগুণ নষ্ট হয় বাবে ৰোগী আৰু দুৰ্বল হয় লগতে তেনে পুৰুষৰ সন্তান নহ’বও পাৰে।  (আগলৈ.....)

Post a Comment

0 Comments