বজাৰৰ শাক-পাচলিত বিষাক্ত কেমিকেল! বিলাহীত সানিলে ইথাৰেল।

বজাৰৰ শাক-পাচলিত বিষাক্ত কেমিকেল! বিলাহীত সানিলে ইথাৰেল।

By LGBTQ News Assam, Dec 28
বজাৰত শাক পাচলিত কেমিকেল। মানুহ বেমাৰী হোৱাৰ প্ৰথম কাৰণ এয়াই । শাক-পাচলিৰ নামত এতিয়া বিষাক্ত কেমিকেল খাই আছে মানুহে। অন কেমেৰাৰ সন্মুখতে বিলাহী পকাবলৈ প্রয়োগ কার্বাইড জাতীয় ইথাৰেল। সকোলোৱে জানে সেউজীয়া শাক- পাচলি স্বাস্থ্যৰ বাবে উপযোগী। চিকিৎসকৰ এই উপদেশ বাণী সকলোৱে জানে কিন্তু এই সেউজীয়া শাক-পাচলি সচাকৈয়ে স্বাস্থ্যৰ বাবে উপযোগী হৈ আছেনে?

শাক-পাচলি খোৱাৰ নামত আপুনি প্ৰতিদিনে খাই আছে কেমিকেল। আজি ধিঙত এনে এক চৰাঞ্চলৰ ঘটনা কেমেৰাত ধৰা পৰে আৰু পোহৰলৈ আহে।

 মনত ৰাখিব - এনে বিলাহী খাবলৈ টেঙা নহয়। নিজৰ ঘৰত খেটি কৰা বিলাহী খাবলৈ বহুত টেঙা। 

 আধা ঘণ্টামান কেমিকেলত জুবুৰীয়াই ৰ'দত পথাৰত মেলি দিছে শ শ কুইন্টল কেচা বিলাহী। তাৰ পিছতেই এই কেচা বিলাহী পকাবলৈ প্ৰয়োগ কৰা হৈছে কার্বাইড জাতীয় ইথাৰেল। এই কেচা বিলাহী পকিব মাত্র ২৪ ঘণ্টাৰ ভিতৰতে। 
কেৱল বিলাহীতেই নহ'য় বজাৰত ওলোৱা বহুবিধ শাক পাচলি যেনে - বন্ধাকবি, ফুলকবি, জলকীয়া, বেঙেনা, আম, কল ইত্যাদিত বিভিন্ন ধৰণৰ কেমিকেল সানে । কিছুমান পাচলি পকাবলৈ আৰু কিছুমান শাক- পাচলি কেঁচা আৰু সজীৱ হৈ থাকিবলৈ।



এনে শাক পাচলি খালে আপোনাৰ কি কি ৰোগ হ'ব পাৰে ?

(১) মাৰাত্মক কৰ্কট ৰোগ

(২) লিভাৰৰ ৰোগ

(৩) বৃক্কৰ বিভিন্ন ৰোগ 

(৪) হাওঁফাওঁৰ ৰোগ 

(৫) ককালৰ বিষ ইত্যাদি।


এনেবোৰ কাণ্ডৰ পিছতো যোগান বিভাগ আৰু চৰকাৰী বিভাগৰ দৃষ্টি নাই। আপুনি নিজেই সাৱধান হৈ বজাৰত শাক-পাচলি কিনিব। কথাতে আছে - জাগি শুবা বাছি খাবা ।


Post a Comment

0 Comments