সমকামী পুৰুষ আৰু সমকামী মহিলাৰ যৌনতা

সমকামী পুৰুষ আৰু সমকামী মহিলাৰ যৌনতা 

By LGBTQ News Assam 


পায়ু সংগম বা পায়ুকাম হৈছে সাধাৰণতে যৌন আনন্দৰ বাব কোনো ব্যক্তিৰ শিশ্ন বা লিংগ আন কোনো ব্যক্তিৰ পায়ু বা মলদ্বাৰত সুমুৱাই দিয়া আৰু সঞ্চালন কৰা। পায়ুপথৰ যৌন সম্পৰ্কৰ অন্যান্য কাৰ্য্যকলাপসমূহ হ'ল পায়ুপথত আঙুলিৰ সঞ্চালন কৰা, মলদ্বাৰত কৃত্ৰিম লিংগ সুমুৱাই দিয়া আৰু পেগিং কৰা।


নাৰীৰ পায়ুত শিশ্ন প্ৰৱেশ

পায়ুপথৰ যৌন সম্পৰ্ক সাধাৰণতে পুৰুষ-পুৰুষৰ যৌন সম্পৰ্কৰ বাবে বেছিকৈ জনা যায় যদিও বিপৰীতকামিতা বা বিষমযৌনতাতো পায়ুপথৰ যৌন সম্পৰ্ক সাধাৰণতে দেখা যায়। মহিলা-মহিলাৰ যৌন সম্পৰ্কতো বান্ধ খাই থকা কৃত্ৰিম লিংগৰ সৈতে পায়ুপথৰ যৌন সম্পৰ্ক জড়িত হৈ থাকে। কণ্ডম অবিহনে ভেদ কৰাটো ভেদকাৰীৰ বাবে বিপদজনক বুলি গণ্য কৰা হয়, আৰু সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে স্বাস্থ্য সংস্থাই পায়ুপথৰ যৌন সম্পৰ্কৰ বাবে সুৰক্ষিত যৌন সম্পৰ্কৰ পৰামৰ্শ দিয়ে।যদিও যিজন ব্যক্তিৰ মলদ্বাৰত লিংগ সোমোৱাই দিয়া হয়, তেওঁৰ মলদ্বাৰৰ ক্ষতিৰ পৰা হাত সাৰিব নোৱাৰি; পায়ুপথৰ সংগমৰ ফলত মলদ্বাৰত অৰ্শ ৰোগ হয় আৰু পায়ুপথৰ সংগমৰ সময়ত লিংগটো মলদ্বাৰত প্ৰৱেশ কৰাৰ পিছত ৰক্ত সঞ্চালনৰ ফলত পায়ুপথৰ নলীত দাগ পৰে আৰু মলদ্বাৰৰ ভিতৰত আলচাৰ হোৱাৰ সম্ভাৱনা থাকে।ইয়াৰ উপৰিও হিউমেন পেপিলোমা ভাইৰাছ (চমুকৈ এইচ পি ভি) ) লিংগৰ মলদ্বাৰত প্ৰৱেশৰ জৰিয়তে মলদ্বাৰত সোমাই পৰিলে কৰ্কট ৰোগ হয়। তাৰোপৰি বিভিন্ন সংস্কৃতি বিশেষকৈ ধৰ্মীয় আইনত ই বিতৰ্কিত।




পুৰুষৰ পৰা নাৰীলৈ

আচৰণ আৰু মতবাদসমূহ :



১৮৯২ চনত এডৱাৰ্ড হেনৰী এভ্ৰিলৰ এখন ছবিত মহিলাৰ মলদ্বাৰত পুৰুষৰ লিংগৰ প্ৰৱেশ কৰাৰ চিত্ৰ আছে।



মলদ্বাৰৰ আন্তঃ ভাগৰ পেশীবোৰ যোনিৰ পেশীৰ সৈতে একে নহয়, এয়া অধিক সংকুচিত আৰু এইকাৰকে পুৰুষ জনক যৌন সংগমত অধিক সন্তুষ্টি প্ৰদান কৰিব পাৰে। 


পুৰুষৰ পৰা পুৰুষলৈ : 

আচৰণ আৰু প্ৰচলন

এডৱাৰ্ড হেনৰী এভ্ৰিলে অংকন কৰিছিল পুৰুষ-পুৰুষৰ পায়ুসংগমৰ চিত্ৰ


ঐতিহাসিকভাৱে পায়ুসংগমক সাধাৰণভাৱে পুৰুষ সমকামিতাৰ সৈতে জড়িত বুলি ধাৰণা কৰা হয় যদিও সাধাৰণতে পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা বহু সমকামী পুৰুষে পায়ুপথৰ যৌন সম্পৰ্কত লিপ্ত নহয়। লিংগ সুমুৱাই দিয়া মানুহজনক ইংৰাজীত ‘টপ্’ আৰু নিজৰ পায়ুতপথত শিন্ন গ্ৰহণ কৰা জনক ‘বটম’ বুলি কোৱা হয়। আনহাতেদি এই দুয়োধৰণৰ অভিজ্ঞতা উপভোগকৰা জনক ভাৰ্চেটাইল বুলি কোৱা হয়। 

যিসকল পুৰুষে নিজৰ লিংগ আন পুৰুষৰ মলদ্বাৰত সুমুৱাব বিচাৰে তেওঁলোকে সাধাৰণতে মহিলাৰ বিকল্প হিচাপে তেনে কৰাৰ সম্ভাৱনা অধিক। 


নাৰীৰ পৰা পুৰুষলৈ

যদি কোনো মহিলাই ষ্ট্ৰেপযুক্ত কৃত্ৰিম অংগ পিন্ধি পুৰুষৰ মলদ্বাৰত সুমুৱাই দিয়ে, তেন্তে ইয়াক পেগিং বুলি গণ্য কৰা হয়। 

২০১০ চনৰ পৰিসংখ্যা অনুসৰি ৭ শতাংশ পুৰুষে এই ধৰণৰ পায়ুপথৰ সংগমৰ প্ৰতি আগ্ৰহী। 


নাৰীৰ পৰা নাৰীলৈ


মহিলা সমকামিতাত মহিলাসকলে ষ্ট্ৰেপ অন ডিলডো পিন্ধে আৰু মহিলাৰ মলদ্বাৰৰ ভিতৰত কাম কৰে।


সমলিংগীয় যৌন অভিসাৰ


সমকামিতা হ'ল সমলিংগৰ ব্যক্তিৰ সৈতে হোৱা "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ। " যৌন অভিমুখীতা হিচাপে সমকামিতা বুলিলে মূলত সমলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়। এই ধৰণৰ সম্পৰ্কৰ ভিত্তিত গঢ় লৈ উঠা ব্যক্তিগত বা সামাজিক পৰিচিতি বা এই ধৰণৰ আচৰণ আৰু সমজাতীয় ব্যক্তিসকলক লৈ গঠিত সম্প্ৰদায়কো এই শব্দৰ দ্বাৰা নিৰ্দেশ কৰা হয়। 

ইংৰাজীত ব্যৱহাৰ হোৱা 'MSM' অভিধাটোৱে সেইসকল ব্যক্তিক বুজায়, যি সমলিংগৰ ব্যক্তিৰ সৈতে যৌন কাৰ্যত লিপ্ত হয়। পুৰুষৰ ক্ষেত্ৰত MSM(Man who sex with another man) আৰু মহিলাৰ ক্ষেত্ৰত WSW(Women who sex with another woman) বুলি কোৱা হয়। এইক্ষেত্ৰত ব্যক্তি এজনে নিজৰ যৌন পৰিচয় কি বুলি দিয়ে সেইটো নিৰ্ভৰ নকৰে। অৱশ্যে যৌনকাৰ্যত লিপ্ত নোহোৱা অথচ নিজকে সমকামী, উভকামী বা বিষয়কামী বুলি পৰিচয় দিয়া লোকক ইয়াৰ আওতাত ধৰা নহয়। ১৯৯০ চনলৈকে এই অভিধা দুটাৰ ব্যৱহাৰ হয় যদিও পিছলৈ ইয়াৰ ব্যৱহাৰ গ্ৰহণযোগ্য নহয় বুলি প্ৰতিপন্ন কৰা হয়  কাৰণ নিজকে সমকামী, উভকামী বুলি পৰিচয় দিয়া ব্যক্তিৰ উপৰিও নিজকে বিষয়কামী বুলি পৰিচয় দিয়া ব্যক্তিয়েও সমলিংগৰ ব্যক্তিৰ সৈতে যৌন কাৰ্যত সক্ৰিয় হয় বা হোৱাৰ সম্ভাৱনা থাকে।


ৰোগৰ আশংকা

ৰাষ্ট্ৰসংঘৰ এইচ.আই.ভি/এইড্ছ সম্বন্ধীয় সংযুক্ত অনুষ্ঠান(UNAIDS)ৰ ২০১৮ৰ এক প্ৰতিবেদন মতে MSM ৰ দ্বাৰা এইচ আই ভি সংক্ৰমণৰ শংকা আটাইতকৈ বেছি। ২০০৭ চনৰ এটা গৱেষণাত প্ৰকাশ হোৱা তথ্য অনুসৰি সৰহ সংখ্যক সমকামী ব্যক্তিয়েই বিষয়কামী ব্যক্তিৰ দৰে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাকৈ মুক্ত যৌন কাৰ্যত লিপ্ত হয়। ২০০৬ চনত কৰা আন এটা গৱেষণাত এই কথা পোহৰলৈ আহে যে কোনো সমকামী ব্যক্তিয়ে যদি ৪জন বা অধিক ব্যক্তিৰ সৈতে যৌন সম্পৰ্ক ৰাখে তেন্তে সেই লোক সকল এইচ আই ভি বা আন কোনো STDৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা অধিক।

অসুৰক্ষিত ভাৱে কৰা যৌন সম্ভোগৰ ক্ষেত্ৰত যোনীদ্বাৰৰ তুলনাত গুহ্যদ্বাৰৰ দ্বাৰা এইচ আই ভি সংক্ৰমণৰ আশংকা আটাইতকৈ বেছি। সাধাৰণতে গুহ্যদ্বাৰৰ ভিতৰৰ আৱৰণ কোমল অথচ অশিথিল হোৱা বাবে ৰতি ক্ৰিয়াত লিংগৰ ঘৰ্ষণৰ ফলত গুহ্যদ্বাৰ আভ্যন্তৰ আৰু লিংগ উভয়তে কটা-চিঙা হোৱাৰ সম্ভাৱনা অধিক। ফলস্বৰূপে বীৰ্য্য, তেজ বা অন্যান্য ৰসৰ দ্বাৰা অতি সহজে উভয়ৰে দেহত এইচ আই ভি বিয়পাৰ সম্ভাৱনা থাকে। ইয়াৰোপৰি গুহ্যদ্বাৰৰ দ্বাৰা কৰা ৰতি ক্ৰিয়াত কণ্ডম ফাটি যোৱাৰ সম্ভাৱনা বেছি। গতিকে কণ্ডম ব্যৱহাৰৰ পিছতো ই এক শংকাৰ বিষয় হৈ পৰে। চুম্বন, পাৰস্পৰিক হস্তমৈথুন আৰু 'ফ্ৰ'টেজ' আদিয়ে এইচ আই ভি ৰোগ বিয়পাব নোৱাৰে। মুখৰ দ্বাৰা উপভোগ কৰা যৌন কাৰ্য, 'ৰিমিং', কণ্ডমৰ ব্যৱহাৰৰ দ্বাৰা 'টপ' বা 'বটম'হৈ যৌন অভিসাৰত লিপ্ত হ'লে, এনেবোৰ প্ৰক্ৰিয়াই কিছুপৰিমাণে এইচ আই ভি ৰোগৰ শংকা বহন কৰে। অৱশ্যে এনেবোৰ প্ৰক্ৰিয়াত কণ্ডমৰ ব্যৱহাৰ নহ'লে এইচ আই ভি ৰোগ বিয়পাৰ আশংকা অধিক হোৱা দেখা যায়। অন্যান্য যৌনৰোগ যেনে উপদংশ বা 'চিফিলিছ', প্ৰমেহ বা 'গনৰিয়া', 'ক্লেমাইডিয়া', 'হেঁপাটাইটিছ' আদি ৰোগ বিয়পাৰ ক্ষেত্ৰত এনেবোৰ কাৰক গ্ৰহণ যোগ্য নহয়। গুহ্যদ্বাৰ বা যোনিদ্বাৰৰ দ্বাৰা হোৱা যৌন অভিসাৰতকৈ মুখৰ দ্বাৰা উপভোগ কৰা যৌন কাৰ্যত এইচ আই ভি সংক্ৰমণৰ শংকা তেনেই কম। এই প্ৰক্ৰিয়াত ঘঁহনি খাই বা কামোৰ খাই চাল চিঙিলে ভাইৰাছ বিয়পাৰ আশংকা থাকে। এই প্ৰক্ৰিয়াৰে হোৱা যৌন কাৰ্যৰ ফলত এইচ আই ভি সংক্ৰমণৰ দুই-এক উদাহৰণ পোৱা যায় য'দিওঁ এয়া একেবাৰেই বিৰল। যৌন সংক্ৰমিত ৰোগ অথবা যৌনৰোগ (যাক STD বা STI বুলি কোৱা হয়) হৈছে এক প্ৰকাৰৰ ঘাঁ জাতীয় ৰোগ যি যৌন কাৰ্যৰ দ্বাৰা এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে। সাধাৰণতে বিভিন্ন প্ৰকাৰৰ যৌনৰোগ আছে যাৰ সংক্ৰমণ ব্যক্তিৰ যৌন কাৰ্যৰ ধৰণক লৈ নিৰ্ভৰ কৰে। সকলো ধৰণৰ যৌনৰোগ য়েই একে পদ্ধতিৰে সংক্ৰমণ নহয়। কিছুমান STI যেনেঃ গনৰিয়া আৰু ক্লেমাইডিয়া আদি দেহৰ বিভিন্ন অংশ যেনে গুহদ্বাৰ, যোনীদ্বাৰ আদিৰ পৰা নিৰ্গত হোৱা বীজলুৱা পদাৰ্থৰ দ্বাৰা বিয়পে আৰু চিফিলিছ বা উপদংশ আদি ৰোগ ছালৰ পৰা ছাললৈ বিয়পে।

কণ্ডম শ্ৰান্তি

যদিও এইচ আই ভি সংক্ৰমণৰ হাৰ ১৯৯০ দশকলৈ কমিগৈছিল, কিন্তু দশকৰ শেষৰ ফালে এই হাৰৰ পুনৰ উত্থান ঘটে। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা তথা যুক্তৰাজ্যৰ প্ৰধান চহৰ সমূহত যৌন ৰোগৰ ক্ৰমবৰ্ধমান হাৰৰ কাৰণ হিচাপে সমকামী ব্যক্তিসকলৰ কণ্ডম শ্ৰান্তি আৰু "এইডছ আশাবাদ"ৰ ফলস্বৰূপে হোৱা সুৰক্ষিত যৌন কাৰ্যৰ "শিথিলতা"ক আঙুলিয়াই দিয়া হৈছে, আৰু এই কাৰণটোক দাম্পত্য জীৱন(সমকামী আৰু বিষয়কামী)ৰ যৌন প্ৰৱণতা সমূহৰ ওপৰত কৰা এক গৱেষণাটো পোহৰলৈ আহিছে। ২০১০ চনৰ এক গৱেষণাত এটা কথা পোহৰলৈ আহেযে সমকামী বা উভকামী ব্যক্তি সকলে বিভিন্ন কাৰণত অসুৰক্ষিত(কণ্ডম ব্যৱহাৰ নকৰাকৈ) ৰতি ক্ৰিয়াত লিপ্তহৈ ভাল পায়। অৱশ্যে ইয়াৰ কাৰণসমূহক সাধাৰণীকৰণ কৰাটো সম্ভৱপৰ নহয়। বিভিন্ন কাৰণ সমূহৰ ভিতৰত লিংগৰ অশিথিলতা, মানসিক চাপ, মানসিক ৰোগ, পাৰস্পৰিক বুজাবুজিৰ অসুবিধা, সন্মতিৰ অভাৱ, অসাধাৰণ যৌন প্ৰৱণতা ইত্যাদি প্ৰধান।

এইচ.আই.ভি. সংক্ৰমণ

এইড্‌ছ ভাইৰাছ এজন আক্ৰান্ত ব্যক্তিৰপৰা সুস্থ মানুহৰ দেহলৈ সংক্ৰমণ কাৰকসমূহ হ'লঃ

যৌন সংস্পৰ্শ (Sexual contact):- এইচ আই ভি (HIV)ভাইৰাছ, আক্ৰান্ত ব্যক্তিৰ শুক্ৰাণুৰস(semen), যোনীৰস (veginal secretion) আৰু স্তনদুগ্ধত পোৱা গৈছে। সেয়ে যৌন সংৰ্স্পৰদ্বাৰা এই ভাইৰাছ আক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ মানুহৰ দেহলৈ সংক্ৰমিত হয়। পৃথিৱীৰ প্ৰায় শতকৰা ৭০ৰপৰা ৮০ ভাগ সংক্ৰমণ যৌন সংস্পৰ্শৰদ্বাৰাই হয়।
তেজ সঞ্চাৰণ (Blood transfusion):- সংক্ৰামিত ব্যক্তৰ তেজ যদি সুস্থ মানুহৰ দেহত অজানিতে সঞ্চাৰিত কৰা হয়, তেন্তে এই ভাইৰাছ সুস্থ মানুহৰ দেহলৈ বিয়পে।
এইচ আই ভি আক্ৰান্ত মাতৃৰ জনন ফুল (Placenta)ৰ জৰিয়তে হ'ব লগা সন্তানৰ দেহলৈ নাইবা মাতৃৰ গাখীৰৰ জৰিয়তে সন্তানৰ দেহলৈ সংক্ৰমিত হয়।
নিচাযুক্ত দ্ৰব্যসমূহ বেজীৰ দ্বাৰা ব্যৱহাৰ কৰা ব্যক্তিসকলে যেতিয়া একেটা বেজী ব্যৱহাৰ কৰে, তাৰে মাজৰ কোনোবা আক্ৰান্ত ব্যক্তিৰ পৰা আন এজনলৈ সংক্ৰমিত হয়।
চিকিৎসকৰ অস্ত্ৰোপচাৰৰ সামগ্ৰীসমূহ ভালকৈ সংশোধন নকৰিলে ভাইৰাছ সংক্ৰমণৰ আশংকা থাকে।

প্ৰতিৰোধৰ উপায়


বীৰ্য, যোনি আৰু গুহ্যদ্বাৰৰ পৰা নিঃসৰণ হোৱা তৰল জাতীয় পদাৰ্থৰ দ্বাৰা যৌনৰোগ সমূহৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কণ্ডম, ডেণ্টেল ডেম আদি ব্যৱহাৰ কৰাটো এক ফলপ্ৰসূ উপায়। এই ৰোগ সমূহ যেনেঃ গনেৰিয়া আৰু ক্লেমাইডিয়া। কণ্ডম তথা ডেণ্টেল ডেমৰ ব্যৱহাৰে ছালৰ পৰা ছাললৈ বিয়পা যৌনৰোগ সমূহকো বাধা দিয়ে।
কণ্ডম ব্যৱহাৰ নকৰিলে স্নেহ পদাৰ্থৰ ব্যৱহাৰেও ছালৰ পৰা নিৰ্গত ক্ষুদ্ৰ ক্ষুদ্ৰ বীজলুৱা পদাৰ্থ(যি সমূহৰ দ্বাৰা যৌনৰোগ বিয়পাৰ আশংকা থাকে,)সমূহ নিৰ্গমণত বাধা দিয়ে। হেপাটাইটিস-এ আৰু এইচ পি ভিৰ দৰে কিছুমান যৌনৰোগৰ ভেকচিন যৌন কাৰ্য সম্পন্ন কৰাৰ পূৰ্বে ব্যৱহাৰৰ দ্বাৰা এনে ৰোগ সংক্ৰমণত বাধা দিব পাৰি।
এইচ আই ভি নিগেটিভ, ব্যক্তিৰ ক্ষেত্ৰত PrEP হৈছে যৌন কাৰ্য কৰাৰ পূৰ্বে নিয়মীয়াকৈ ব্যৱহাৰ কৰিব পৰা এবিধ বড়ি যিয়ে এইচ আই ভি সংক্ৰমণত বাধা দিয়ে। যদি এজন ব্যক্তি এইচ আই ভিৰ সংস্পৰ্শলৈ আহিছে তেন্তে ৭২ ঘণ্টাৰ ভিতৰত PrEP গ্ৰহণ কৰি এই ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে। PrEP আৰু PEP য়ে কেৱল এইচ আই ভি হে প্ৰতিৰোধ কৰিব পাৰে, ইয়াৰ দ্বাৰা অন্যান্য STI সমূহ প্ৰতিৰোধ নহয়।
যৌন সম্পৰ্কত সক্ৰিয় ব্যক্তিয়ে প্ৰতি ৩-৬ মাহৰ মূৰে মূৰে STI পৰীক্ষা কৰি অধিক সুৰক্ষিত আৰু নিচিন্ত হৈ থাকিব পাৰে।

Post a Comment

0 Comments