সমকামী ফেশ্বন ডিজাইনাৰ মাইকেলৰ জীৱন কাহিনী। Gay Real Story

 সমকামী ফেশ্বন ডিজাইনাৰ মাইকেলৰ জীৱন কাহিনী।




LGBTQ News Assam / August 13, 2024




উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত সমকামিতা বৈধ হোৱাৰ পিছত পোহৰলৈ আহিছে কেইবাটাও কাহিনী। যিটো বহুদিন কোনেও গম পোৱা নাছিল। তেনে এজন হ’ল মাইকেল। তেওঁৰ ঘৰ দিল্লীত। পেছাত ফেশ্বন ডিজাইনাৰ মাইকেল এতিয়া মানসিক চাপমুক্ত। আৰু এতিয়া তাৰ মনত পৰিছে যোৱা দিনবোৰৰ কথা।


কেৱল সেয়াই নহয়, তেওঁ ঘৰৰ পৰা ওলাব লগীয়া হৈছিল কাৰণ পৰিয়ালে ঘীণ কৰিছিল। সেইবোৰ তেওঁৰ ইতিহাস। তেওঁ জনোৱা মতে, ২০০৪ চনত তেওঁক শাৰীৰিকভাৱে যৌন নিৰ্যাতন চলাইছিল। ঘটনাৰ আঁৰত আছিল এজন টেক্সি চালক। আৰোগ্য হ’বলৈ প্ৰায় দুবছৰ সময় লাগিছিল। পিছত তেওঁ পুনৰ যৌন নিৰ্যাতনৰ বলি হ’ল আৰু সেইটো কৰিছিল দেউতাকৰ এজন বন্ধুৱে। কিন্তু তেওঁৰ পিতৃ আৰক্ষীৰ ওচৰলৈ যোৱা নাছিল। পিছত ঘৰৰ মানুহে মাইকেলক ঘৰৰ পৰা উলিয়াই দিলে, যাতে তেওঁৰ ভায়েক আৰু ভনীয়েকৰ লগতে ঘৰখনৰ বদনাম নহয়।


কিন্তু এদিন সকলো সলনি হৈ গ’ল। দেউতাকে ফোনযোগে অভিনন্দন জনালে। আগৰ অতীতৰ আৰু বৰ্তমানৰ কথা সুঁৱৰি মাইকেল একে সময়তে সুখী আৰু দুখী হৈ পৰিল। দেউতাক আৰু ঘৰৰ পৰিয়ালে অভিনন্দন জনোৱাৰ কাৰণ হ'ল সমকামীতা ভাৰতত বৈধ হ'ল আৰু তেওঁ এজন ফেশ্বন ডিজাইনাৰ হ'ল। বহু কষ্টৰে জীৱন গঢ়ি এজন ভাল মানুহ হৈ দেখুৱালে তেওঁ।

Post a Comment

0 Comments